অসম

চিচিবৰগাঁৱত এন এছ ইউ আইৰ মণ্ডল সমিতি গঠন

প্ৰথম খবৰ, চিচিবৰগাঁও: ধেমাজি জিলা এন এছ ইউ আইৰ সৌজন্যত কালি চিচিবৰগাঁও মণ্ডল সমিতি গঠন কৰা হয়। সভাৰ সন্মতিমৰ্মে উপদেষ্টাৰ পদত ফনিন্দ্ৰ ভূঞা আৰু উদয় মাধৱ ভূঞা, উপ- সভাপতিৰ পদত বিপ্লৱ চুতীয়া, সভাপতিৰ পদত আৰমান আলি, সাধাৰণ সম্পাদকৰ পদত ডেনিচ প্ৰতিম চুতীয়া, সহকাৰী সম্পাদকৰ পদত নৱজিৎ চুতীয়া, বিত্ত সম্পাদকৰ পদত জয়চন্দ্ৰ শইকীয়া, প্ৰচাৰ সম্পাদকৰ পদত প্ৰশান্ত ভূঞা, কাৰ্যকৰী সম্পাদকৰ পদত বিপ্লৱ ভূঞা, সাংগঠনিক সম্পাদকৰ পদত ৰাহুল আলি আৰু জয়ন্ত শইকীয়াক লৈ এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

উল্লেখ্য যে, উক্ত সভাত ধেমাজি জিলাৰ সভাপতি হেমকান্ত কুলি, সাধাৰণ সম্পাদক পল প্ৰগেছ টাইড, প্ৰাক্তন সাধাৰণ সম্পাদক ইউৰোপ চুতীয়া আৰু বৰ্তমানৰ সংগঠনটোৰ সক্ৰিয় সদস্য পিন্টু চুতীয়াই উপস্থিত থাকি সংগঠনৰ নীতি- আদৰ্শৰ সন্দৰ্ভত মন্তব্য ৰাখে।

Related Articles

Leave a Reply

Close