অসম

চেঙাত এন আৰ চিৰ সজাগতা সভা

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: কোনো এজনো প্ৰকৃত ভাৰতীয় যাতে এন আৰ চিৰ পৰা বাদ নপৰে বা হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে আমি বদ্ধপৰিকৰ। এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰি উলিওৱাটো আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব।আজি বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ উদ্যোগত চেঙা উন্নয়ন খণ্ডৰ বহুমুখী সমূহীয়া ভৱনত অনুষ্ঠিত এন আৰ চি সজাগতা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে জিলা উপায়ুক্ত থানেশ্বৰ মালাকৰে ।

দিনৰ দুই বজাত অনুষ্ঠিত সজাগতা সভাত তেওঁ ৰাইজৰ সহযোগিতা বিচাৰি উৰা বাতৰিক লৈ ব্যতিব্যস্ত নহ’বলৈ আহ্বান জনাই আৰু কয় “এই সজাগতা সভাৰ এয়াই উদ্দেশ্য । উপৰুৱা কথাক লৈ কোনো আবেগিক নহ’ব । আমি স’ততে আপোনালোকৰ ওচৰত আছো । ন্যায়ালয়ক অৱমাননা ডাঙৰ অপৰাধ “।

উল্লেখ্য যে আজিৰ এই সভাত উপায়ুক্ত গৰাকীয়ে ৩৯৩ জনীয়া এটি বিশেষ দলে ঘৰে ঘৰে গৈ তদাৰক কৰিব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে অসমৰ ভিতৰত বৰপেটাই প্ৰথমখন জিলা যি সজাগতা সভা পাতি গোটেই বিষয়বোৰ অতি সুক্ষ্মভাৱে ৰাইজৰ ওচৰত দাঙি ধৰা বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখ্য যে আজিৰ এই সভাত উপস্থিত ৰাইজৰ এন আৰ চি বিষয়ক বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীয়ে কয় যে ” আপোনাৰ লিগেচি ডাটা যাতে কোনেও মিচাতে ব্যৱহাৰ কৰিব নোৱাৰে সেইটো নিশ্চিত কৰাতো আপোনাৰ প্ৰধান কাম “। ইফালে এন আৰ চি প্ৰস্তুত কৰণৰ সময়ত কোনেও যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে প্ৰশাসন সস্তম বুলি জানিবলৈ দি এই ক্ষেত্ৰত কোনো ব্যক্তি বিশেষে বিৰুদ্ধ কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও দোহাৰে।

চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ ৰাইজৰ লগতে বহুকেইটা দল সংগঠন আৰু সামাজিক অনুষ্ঠানে অংশ গ্ৰহণ কৰা আজিৰ এই সজাগতা সভাত উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই নিজ ভাষণত মহামান্য আদালতৰ নিৰ্দেশ পালন কৰিবলৈ বাধ্য বুলি উল্লেখ কৰি সকলোকে এন আৰ চিৰ কামত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। আজিৰ এই সভাত চেঙা ৰাজহ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাস, চেঙা খণ্ড উন্নয়ণ বিষয়া হৰেন্দ্ৰ নাথ ঠাকুৰীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close