অসম

জটিল ৰোগত আক্ৰান্ত হৈ পংগুত্ব জীৱন কটোৱা এজন দুৰ্ভগীয়া যুৱকৰ কৰুণ কাহিনী, স্বাস্থ্যমন্ত্ৰীক কাতৰ অনুৰোধ অসহায় পত্নী আৰু পিতৃ-মাতৃৰ

প্ৰথম খবৰ, জাজৰি: নগাঁও জিলাৰ বেবেজীয়া জামুগুৰি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক উৎপল কাকতি। জামুগুৰি গাঁৱৰ থুলেশ্বৰ কাকতি আৰু পূৰ্ণিমাই কাকতিৰ সন্তান উৎপল কাকতি। উৎপলৰ জীৱনলৈ এক জটিল ৰোগে নমাই আনিছে কাল অমানিশা। যুৱকজন ছমাহৰ পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে নিজৰ পত্নী, সন্তান আৰু পিতৃ – মাতৃক এৰি বহি: ৰাজ্যত আছিল। বহিঃ ৰাজ্যত থাকোতেই উৎপলৰ সো ভৰিত এটা টিউমাৰ হয়। টিউমাৰ টোৰ হোৱাৰ বাবেই নিজৰ পৰিয়ালৰ ওচৰত থাকি চিকিৎসা কৰিব বুলি নিজ গৃহ পায়হি উৎপল। পিছত চিকিৎসকক চিকিৎসাৰ বাবে দেখোৱাত চিকিৎসকে টিউমাৰতো অষ্টোপ্ৰচাৰ কৰে।

কিন্তু অস্ত্ৰোপচাৰৰ পিছত দিনক দিনে ক্ৰমান্বয়ে উৎপলৰ ভৰিতো ফুলি গৈ বিষত উঠিব নোৱাৰা হোৱাত অধিক অসুস্থ হৈ বৰ্তমান বিচনাখনেই হৈ পৰিছে এক মাত্ৰ সাৰথি। আনকি চিকিৎসকে দিয়া ভৰিৰ বাবে দিয়া দৰৱ খোৱাৰ ফলতে উৎপলৰ সোঁ চকুতো সম্পূৰ্ণ ৰূপে বেয়া হৈ নেদেখা হৈ পৰিছে। দুচকুত হাজাৰ সপোন থাকিলেও দুৰ্ভগীয়া পত্নী আৰু পিতৃ -মাতৃ এতিয়া উৎপলক চিকিৎসালয়ত চিকিৎসা কৰিবলৈ নাই হাতত ধন। উৎপলৰ দুবছৰীয়া কণমানি ছোৱালীজনীক লৈ এতিয়া দিশহাৰা হৈ পৰিছে উৎপলৰ পত্নী। সেইবাবে এতিয়া আৰ্থিক চিন্তাত জুৰুলা হৈ কান্দোনত ভাগি পৰিছে পত্নীৰ লগতে পৰিয়ালৰ লোক। কাৰণ সাধাৰণ এটা পৰীক্ষা কৰিবলৈও হাতত নাই ধন।

উৎপলক চিকিৎসকে গুৱাহাটীৰ চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে নিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু পত্নী আৰু পিতৃ – মাতৃ অপাৰগ। কাৰণ উৎপলে বহিঃ ৰাজ্যত বহু কষ্টৰে উপাৰ্জন কৰি অনা সাঁচতীয়া ধন কেইটাও উৎপলৰ নিজৰ চিকিৎসাৰ নামতে খৰচ হ’ল। আনহাতে উৎপলৰ অৱস্থা ক্ৰমান্বয়ে বেয়া ফালে গতি কৰাত পত্নীৰ আৰু পিতৃ – মাতৃৰ লগতে উৎপলে নিজেও জীয়াই থাকিবৰ বাবে সহায় বিচাৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়িকা আঙুৰ লতা ডেকাৰ লগতে সুহৃদয়বান লোক আৰু দল সংগঠনৰ ।

কোনো সুহৃদয়বান লোকে সহায় আগবঢ়াব খুজিলে বেবেজিয়া ইউ বি আই শাখাৰ একাউণ্ট – 0635010145183 নম্বৰত সাহাৰ্য আগবঢ়োৱাৰ লগতে ৮৪০৩৮৩৯৯৩৪/ 7399386148 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। আপোনাৰ অকণমান সহায়ে এই দুৰ্ভগীয়া পৰিয়ালটিলৈ আনিব পাৰে সকাহ। বৰ্তমান বটদ্ৰবাৰ বিধায়িকা আঙুৰলতা ডেকাৰো সহায় আশা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

উল্লেখনীয় যে যিকোনো এটা সমষ্টিৰ সাধাৰণ শ্ৰেণী ৰাইজে সেই সমষ্টিৰ স্থানীয় জন প্ৰতিনিধিৰ পৰা বিপদত পৰিলে অলপ সহায় পাব বুলি বহুতো আশা কৰে। দুই তিনিবাৰ সহায়ৰ ভিক্ষা বিচাৰি পৰিয়ালৰ লোক বিধায়িকা গৰাকীৰ ঘৰলৈও যায় । কিন্তু বিধায়িকা গৰাকীৰ ওচৰত যি আশা লৈ গৈছিল সেই আশা যে আশাই হৈ ৰ’ল বুলি জানিব পৰা গৈছে। সেই বাবে এই অসহায় উপায়হীন পৰিয়ালৰ কাষ চাপিছে সংবাদ মাধ্যম। যাতে অসমৰ হৃদয়বান ব্যক্তিয়ে গম পাই এই জীয়া বাস্তৱ যান্ত্ৰনাত ভুগি থকা এই পৰিয়ালটোৰ কথা।

Related Articles

Leave a Reply

Close