অসম

জনসমুদ্ৰত পৰিণত নগৰবেৰাৰ ৰাসথলী

নগৰবেৰা পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: ৩ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা  ৮৫ সংখ্যক পোন্ধৰ দিনীয়া নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ কালি মংগলবাৰে  নিশাত দৰ্শনাৰ্থীৰ বিপুল সমাগম পৰিলক্ষিত হয় ৷ কেবা সহস্ৰাধিক ৰাস দৰ্শনাৰ্থীয়ে শান্তিপুৰ্ণভাৱে উপভোগ কৰে দুপৰ নিশালৈ চলা ৰাসৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৷

বিভিন্ন নৃত্য প্ৰতিযোগিতাৰ উপৰি নগৰবেৰাৰ ৰাস মহোৎসৱৰ মংগলবাৰৰ নিশাৰ সাংস্কৃতিক মঞ্চত একাধিক গীত পৰিৱেশন কৰে সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমাগমে নগৰবেৰাৰ ৰাসত কালিৰ নিশাত জনশ্ৰোতৰ অভিলেখ সৃষ্টি কৰে ৷ পবিত্ৰ ৰাস মহোৎসৱৰ কালি নিশাৰ ৰাসথলী যেন সম্প্ৰীতি আৰু সমন্বয়ৰ মহাতীৰ্থলৈহে পৰিনত হ’ল ৷ উল্লেখ্য যে ১৭ নৱেম্বৰত সামৰণি পৰিব পোন্ধৰদিনীয়া নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ।

Related Articles

Leave a Reply

Close