অসম

ডিমৌত অগপত যোগদান কৰা চাৰি ছাত্ৰ নেতাক বিপুলভাৱে আদৰণি

প্ৰথম খবৰ, ডিমৌ: বুধবাৰে গুৱাহাটীত অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে শিৱসাগৰ জিলাৰ চাৰিগৰাকী প্ৰাক্তন ছাত্ৰনেতাই । বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা ডিমৌ আহি পোৱাৰ লগে লগে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰণৱ চেতিয়াৰ লগতে মহকুমা ছাত্ৰ সন্থাৰ নেতা পূৰ্ণানন্দ বুঢ়াগোহাঁই, জিতু গগৈ আৰু ক্ষিৰোদ গগৈক অসম গণ পৰিষদৰ শতাধিক কৰ্মীয়ে উষ্ম আদৰণি জনায়।

সাম্প্ৰতিক সময়ত আঞ্চলিকতাবাদেহে অসমৰ খিলঞ্জীয়া জনগণৰ স্বাৰ্থ ৰক্ষা কৰিব বুলি বিশ্বাস ৰাখি অগপ দলত যোগদান কৰা বুলি প্ৰকাশ কৰে ছাত্ৰনেতা কেইজনে। এসময়ৰ বলিষ্ঠ ছাত্ৰনেতা প্ৰণৱ চেতিয়াই অসমৰ ভৌগোলিক অস্তিত্ব ৰক্ষাৰ বাবে অসম গণ পৰিষদেহে শেষ বিন্দু হিচাপে তেজ থকালৈকে মাত মাতি যাব বুলি মন্তব্য কৰে।

তদুপৰি মাদানীৰ ভাবুকি সন্দৰ্ভত ন অগপ চেতিয়াই শংকৰ আজানৰ মিলনৰ ভূমিত মাদানীৰ মতে অসম নচ’লে বুলি মন্তব্য কৰি মাদানীক সঁকিয়াই দিয়ে । ছাত্ৰনেতাকেইজন আঞ্চলিকতাবাদী দলটিত যোগদানৰ পিছত ডিমৌত অগপ কৰ্মীসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ।

Related Articles

Leave a Reply

Close