অসমশীৰ্ষ

ঢকুৱাখনাৰ যুৱকৰ কৰুণ দৃশ্য: চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পৰিয়ালৰ

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনা নগৰৰ সমীপৱৰ্তী খামন কোঁৱৰ গাঁৱৰ এজন যুৱকৰ কৰুণ দৃশ্যই এতিয়া সকলোৰে অন্তৰ স্পৰ্শ কৰিছে। গাঁওখনৰ পংকজ চেতিয়া (২৭) নামৰ উদীয়মান যুৱকজনৰ ২০১৩ চনত গোগামুত সংঘটিত মটৰ দুৰ্ঘটনাত ৰাজহাড় সম্পৰ্ণৰূপে ভাগি যোৱাত চাৰি বছৰে চিকিৎসা অভাৱত ঘৰতে দিন ৰাতি কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

বৃদ্ধ পিতৃ, পত্নী আৰু কণমানি পুত্ৰ সন্তানৰ সৈতে এখন সুখৰ সংসাৰ আছিল পৰিয়ালটোৰ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পংকজক উপযুক্ত চিকিৎসা কৰাই নতুন জীৱন দিয়াটো পৰিয়ালটো বাবে এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে।

এতিয়া পৰিয়ালৰ লোকে এইক্ষেত্ৰত ঢকুৱাখনাৰ স্থানীয় বিধায়ক তথা গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেকো পংকজৰ সুচিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিয়ালৰ লগতে পত্নীয়ে আহ্বান জনাইছে। কোনো দল-সংগঠন বা হৃদয়ৱান লোকে যদি এই দুৰ্ভগীয়া যুৱকজনৰ সুস্বাস্থ্য বাবে সহায় কৰিবলৈ ইচ্ছা কৰে তেন্তে এচ বি আই ঢকুৱাখনা শাখাৰ একাউণ্ট নম্বৰ ৩৫৯৩২৬১০৯২৮ (35932610928) IFSC – SBIN0010760 নম্বৰত আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা লগতে +৯১ ৮৭৬১৯-৪২৪২৩ নম্বৰত ফোন কৰি পংকজক যোগাযোগ কৰিব পাৰিব ।

Related Articles

Leave a Reply

Close