অসম

তিতাবৰ মহকুমাত ঋণ মোকলাই দিয়া প্ৰৱঞ্চকৰ পিটপিটনি, ৰাইজে ধৰি আৰক্ষীক গতালে এজনক

নগাবাটৰপৰা অজয় শইকীয়া, প্ৰথম খবৰ: আজি কিছুদিনৰ পৰা তিতাবৰ মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলত ঋণ মোকলাই দিয়া একাংশ প্ৰৱঞ্চকে পিটপিটাই ফুৰাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ‘ৰিলায়েন্স’ নামৰ এটা বহু জাতিক কোম্পানীৰ পৰা দহ বছৰৰ বাবে এক লাখ বিশ হাজাৰ টকাৰ ঋণ মোকলাই দিয়াৰ নামত একাংশ প্ৰৱঞ্চকে গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণৰ ৰাইজক আভুৱা ভাৰি আহিছে। তেনে এজন প্ৰৱঞ্চকক অলপতে তিতাবৰ সীমান্তৱৰ্তী চেনিজান গাঁৱৰ ৰাইজে হাতে লুতে ধৰি আৰক্ষীক গতাই দিয়াৰ পাছতহে উৰহী গছৰ ওৰ ওলাই পৰে।

আৰক্ষীৰ জেৰাত লোকজনৰ যে কোনো কোম্পানীৰ লগত সম্পৰ্ক নাই সেই কথা স্পষ্ট হৈ পৰাত এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোলাঘাট জিলাৰ কমাৰবন্ধা এলেকাৰ বকলাইৰ বাবুল শইকীয়া নামৰ এই লোকজনে দীৰ্ঘদিনৰ পৰা সহজ সৰল গ্ৰামাঞ্চলৰ জনসাধাৰণৰ পৰা প্ৰলোভনেৰে প-পত্ৰ সহ ধন সংগ্ৰহ কৰি আহিছিল। ইতিমধ্যে বৰহোলা আৰক্ষীয়ে প্ৰৱঞ্চকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

 

Related Articles

Leave a Reply

Close