অসম

তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সংস্থাৰ সুধাকণ্ঠ দিৱস পালন

ফিল’বাৰীৰ পৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগত কাকপথাৰৰ জ্যোতিৰ্ময় হাইস্কুলত যোৱা ৫ নৱেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে সঙ্গীত সূৰ্য ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী (সুধা কণ্ঠ দিৱস) উদযাপন কৰা হয়। জিলাখনৰ ১১ টা মণ্ডলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় ৬০ গৰাকী নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ‘ক’ শাখাৰ ৩৩ গৰাকী প্ৰতিযোগীৰ ভিতৰত মাধৱপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী কৰিস্মা গোহাঁইয়ে প্ৰথম স্থান অধিকাৰ কৰি জীৱন চন্দ্ৰ গায়ন সোঁ‌ৱৰণি চলন্ত বঁ‌টা লাভ কৰে। আনহাতে ‘খ’ শাখাৰ ২৫ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা দিৰাকৰ পূৰ্বাঞ্চল বিদ্যা নিকেতনৰ লুইজী দহোটীয়াই প্ৰথম স্থান পাই গুণধৰ বৰুৱা সোঁ‌ৱৰণি চলন্ত বঁ‌টা লাভ কৰে। পুৱা ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সেৱক গদক মৰাণে। প্ৰতিযোগিতা উদ্বোধন কৰে চিকিৎসা বিষয়া ডাঃ অজিৎ বৰুৱাই। বিয়লি সংস্থাৰ সভাপতি কুশল কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি তথা বঁ‌টা বিতৰণি সভাখন আঁ‌ত ধৰে সম্পাদক প্ৰদীপ শইকীয়াই।

সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট লেখক শৰৎ চন্দ্ৰ চিৰিং ফুকন, ডুমডুমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসাদ সোণোৱাল, উবন সত্ৰৰ ডেকা সত্ৰাধিকাৰ বীৰেন মহন্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।

সুৰজিৎ বড়া

Related Articles

Leave a Reply

Close