অসম

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতন

প্ৰথম খবৰ, গুৱাহাটীঃ জঘন্য ঘটনা সংঘটিত হল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত । বিশ্ববিদ্যালয় চৌহদতে ছাত্ৰীক যৌন নিৰ্যাতন কৰিলে এজন গৃহৰক্ষী জোৱানে। পিছত হাতে-লোটে ধৰা পৰে লম্পট গৃহৰক্ষীজন। বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ থকা  TECHXETRA  অনুষ্ঠানৰ মাজতে সংঘটিত এই ঘটনাক লৈ সমগ্ৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত সৃষ্টি হয় উত্তেজনাৰ। ক্ষুব্ধ শিক্ষাৰ্থীসকলে অভিযুক্ত বদাই দাসসহ ৬জন আৰক্ষীক আবদ্ধ কৰি ৰাখে। এই ঘটনাক লৈ প্ৰশাসনৰ বিষয়ববীয়াৰে খণ্ডযুদ্ধতো সৃষ্টি হয় একাংশ শিক্ষাৰ্থীৰ।  বৰ্তমান বিশ্ববিদ্যালয় চৌহদত বিৰাজ কৰিছে উত্তেজনাই। ক্ষুব্ধ শিক্ষাৰ্থীসকলে এই জঘন্য ঘটনাত জড়িতক উপযুক্ত শাস্তি প্ৰদানৰ লগতে ঘটনাৰ উচিত ন্যায় বিচাৰিছে। উল্লেখ্য, এনেধৰণৰ ঘটনা এইবাৰেই প্ৰথম নহয়।

Related Articles

Leave a Reply

Close