অসম

দালালৰ বিৰুদ্ধে পদক্ষেপ নলবাৰী জিলা পৰিবহন বিভাগ 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা অসমৰ পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰে নলবাৰী জিলা পৰিবহণ বিভাগত এজন সাহসী এম ভি অাইক নিযুক্তি দিয়াত ক্ৰমাত দালালৰাজ বন্ধ হোৱাৰ উপাক্ৰম ঘটিছে।

জানিবপৰা মতে, দালাল ৰাজ বন্ধ,ব্যাপক হাৰত কেলেংকাৰী,দুৰ্নীতি,অনিয়ম বন্ধ কৰিবলৈ অাজিৰে পৰা প্ৰায় ৭ মাহ পূৰ্বে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰীলৈ যানবাহন পৰিদৰ্শক মন্টু কুমাৰ দাসক নিযুক্তি দিছিল অাৰু তাৰ পূৰ্ণ সংস্কাৰ অানিৱলৈ সক্ষম হোৱা বিষয়া জনে প্ৰায় ৮০শতাংশ দালাল ৰাজ বন্ধ কৰি দিলে।

ইয়াৰ পিছতেই নলবাৰী পৰিবহন বিভাগত উঠি ৰজা-বহিৰজা হৈ পৰা ভালেকেইজন দালাৰৰ হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈ পৰিছে।

জানিবপৰা  মতে নিজৰ কাৰ্যালয়ৰ কামৰ লগতে জিলাখনৰে সৰিয়হতলীৰ গো-শালা অাশ্ৰমৰ এখন পৰিতপ্ত ঠাইত প্ৰতি মঙলবাৰে সৰু যান -বাহনৰ পৰীক্ষা অাৰু প্ৰতি বৃহস্পতিবাৰে গধুৰ যান- বাহনৰ পৰীক্ষা লৈ  চালকক যান বাহন চলোৱাৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰে লগতে দুৰ্ঘটনা সংঘঠিত যান- বাহন,নতুনকৈ পঞ্জীয়ন কৰা যান-বাহন সমূহ পৰিদৰ্শন নকৰাকৈ কোনো ধৰণৰ প্ৰমান পত্ৰ প্ৰদান নকৰে এইগৰাকী বিষয়াই।

ইতিমধ্যে নলবাৰী পৰিবহণ  বিভাগত ভালেকেইজন ডি টি অ’ অাৰু এম ভি অাইয়ে দালালৰ কথাত প্ৰতিটো ফাইলত চহী কৰি বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু এইগৰাকী যুৱ এম ভি অাইয়ে দুৰ্নীতিৰ,অনিয়মৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। এম ভি অাই গৰাকীক বিভিন্ন দালাল চক্ৰৰ পৰা ভাবুকি অাহিছে যদিও সাহসী বিষয়া জনে সততাৰে ৰাইজৰ কাম কৰি অাছে।

Related Articles

Leave a Reply

Close