অসম

দুধনৈত সুধাকণ্ঠক সোৱঁৰণ

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী,প্ৰথমখবৰ: দুধনৈ অমৰাৱতী বকুল তলৰ আৱাসী সকলৰ উদ্যোগত আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত সুধাকণ্ঠৰ প্ৰতিকৃতিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৃপেন খান্দা দেৱে। অৰুন ৰায়ে আঁত ধৰা অনুষ্ঠানটোত জনগণ কাকতৰ সাংবাদিক ভবেশ চন্দ্ৰ ভাগৱতীয়ে ভূপেন দাৰ স্মৃতিত এটি কবিতা পাঠ কৰে। সন্ধিয়া আয়তী সকলৰ দ্বাৰা নাম-প্ৰসঙ্গ হেজাৰোধিক বন্তি প্ৰজ্জ্বলেনেৰে অঞ্চলটো পোহৰাই তোলা হয়। অনুষ্ঠানটোত বকুলতলৰ আৱাসী সকলৰ সকলৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close