অসম

দেৰগাঁৱত চোৰে লুটিলে পাট-মুগা কাপোৰৰ দোকান

দেৰগাঁৱৰপৰা আব্দুল মান্নাফ, প্ৰথম খবৰ: দেৰগাঁও আৰক্ষী চকীৰ নাতি দূৰত অৱস্থিত দেৰগাঁও চাৰিআলিৰ মাজ মজিয়াত থকা অভিনন্দন ক্লথ ষ্ট’ৰ নামৰ দোকানখনত পূৱতি নিশা লোহাৰৰ ৰ’দ, পাতি ভাঙী গভাইট চোৰে পাট-মুগাৰ লগতে অন্যান্য কাপোৰ চুৰ কৰি লৈ যায়।

ৰাজীৱ শৰ্ম্মা নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ীজনৰ এই ঘটনা নগৰৰ মাজ মজিয়াত সংগঠিত হোৱাত সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, পূৰ্বেও তেওঁৰ দোকানত টলা ভাঙি চুৰ কৰিবলৈ এক চেষ্টা কৰিছিল আৰু সেই বিষয়ে দেৰগাঁও আৰক্ষী থানাত এক গোচৰো ৰুজু কৰিছিল।

আজি কিছুদিনৰ পৰা দেৰগাঁও চাৰিআলি লগতে দাঁতিকাষৰীয়া অন্যান্য ঠাইত দিনক দিনে এনেধৰণৰ চুৰি হোৱা ঘটনাই সাধাৰণ ৰাইজৰ মাজত এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে। প্ৰায় ১৫ লাখ মূল্যৰ সকলো কাপোৰ চুৰ হোৱাৰ কথা প্ৰকাশ কৰিছে স্বতাধীকাৰীগৰাকীয়ে | ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ দল এটাৰ লগতে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ভূক্তভুগী ৰাজীৱ শৰ্ম্মাই সমগ্র ঘটনা সম্পৰ্কত দেৰগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

Related Articles

Leave a Reply

Close