অসম

দেৰগাঁৱত শতাধিক মহিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

দেৰগাঁৱৰপৰা আব্দুল মান্নাফ, প্ৰথম খবৰ: দেৰগাঁৱত জাক জাক মহিলাৰ প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ ওলাই আহিছে প্ৰতিবাদী মহিলাৰ দল। গ্ৰামাঞ্চলৰ পৰা ওলাই অহা এই সকল মহিলাই আৰম্ভ কৰিছে ৰাষ্টীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী। সোমবাৰে দেৰগাঁও চহৰৰ দাধৰাত মহিলাৰ দলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কাৰণ হ’ল বান্দৰৰ উপদ্ৰৱ।

দেৰগাঁও চহৰ আৰু গ্ৰামাঞ্চলত বিগত বহু বছৰ ধৰি বান্দৰে তীব্ৰ সন্তাষ চলাই অহাত ৰাইজৰ সমস্যাৰ অন্ত নোহোৱা হ’ল। ঘৰ এৰি ৰাইজ কোনো কাৰণতে কতো যাব নোৱাৰা এক অৱস্থা। খেতি-বাতি সকলো ত্যাগ কৰিছে কৃষক ৰাইজে। শেহতীয়াকৈ বান্দৰৰ জাকে পৰিয়াল সমুহৰ বাসগৃহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে যাৰ বাবে গৃহিনী সকল অধিক সমস্যাৰ সন্মুখীন হৈছে। গৃহিনীসকলে পাকঘৰৰ খাদ্য তথা খাদ্য সামগ্ৰী ৰাখিব নোৱাৰা হ’ল। শিশুক ঘৰত ৰখাৰ ক্ষেত্ৰতো মহিলাসকল সন্মুখীন হৈছে ভয়াৱহ সমস্যাৰ। ঘৰত পুৰুষ সদস্য নাথাকিলে মহিলাৰ পদে পদে বিপদ। এনে সমস্যাৰ কাৰণে আজি এই সকল মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী।

বাৰ্লাক মহিলা মঞ্চ আৰু দাধৰা জাগৰন মহিলা সমিতিৰ উদ্যোগত হাতত লোৱা প্ৰতিবাদী অৱৰোধ কাৰ্যসূচীৰ সময়ত মহিলাসকলে বিভিন্ন শ্ল’গান দি বনমন্ত্ৰীৰ বিৰুদ্ধেও সোচ্ছাৰ হৈ পৰা দেখা গ’ল।মহিলাৰ দ্বাৰা ঘাইপথ অৱৰোধৰ সময়ত প্ৰতিবাদস্থলীত কেইটামান শিশুৱে বান্দৰৰ প্ৰতিকী ৰূপ প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আৰ্কষন কৰে। প্ৰায় এঘণ্টাৰো অধিক সময় হোৱা অৱৰোধৰ শেষত দেৰগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰে হোৱা আলোচনাৰ অন্তত অৱৰোধ উঠাই লোৱা হয়।

Related Articles

Leave a Reply

Close