অসম

ধুবুৰীত বিজেপিৰ সাংগঠনিক সভা

প্ৰথম খবৰ, ধুবুৰী: আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অসমকে ধৰি ধুবুৰী জিলাত ভাল ফল প্ৰদৰ্শন কৰিব। দুৰ্নীতিমুক্ত চৰকাৰ এখন গঢ়ি তোলাত বিজেপি চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে ৰাইজ তাতে সন্তুষ্টি প্ৰকাশ কৰিছে-এই বক্তব্য বিজেপি সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাৰ। তেওঁ কয় যে, সাম্প্ৰদায়িক দল কংগ্ৰেছ আৰু এইউডিএফে অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে। অসমৰ ৰাইজে দুয়োটা দলকে এইবাৰ উৎখাত কৰিব।

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ফালৰ পৰা ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ সাংগঠনিক সভা আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, ২৫ নং গোলকগঞ্জ  সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ , ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক সিংঘী, বিজেপিৰ ৰাজ্যিক উপ সভাপতি বিমল ওচৱাল, জিলা প্ৰভাৰী ডঃ প্ৰদীপ ঠাকুৰীয়া, জিলা উপ সভাপতি তথা ধুবুৰী পুৱ প্ৰভাৰী ডাঃ দেবময় সান্যাল, ধুবুৰীকে ধৰি চাৰি খন জিলাৰ বিজেপি সভাপতি, জিলা কাৰ্যনিৰ্বাহক সদস্য, মণ্ডল সভাপতি আৰু সাধাৰণ সম্পাদক, বিভিন্ন মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close