অসম

নগাঁৱত ৫ চোৰাংচিকাৰী গ্ৰেপ্তাৰ 

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি পুৱতি নিশা আভিযান চলাই দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰাংচিকাৰী দুজন হ’ল-কলিয়াবৰৰ দাৰিগজিৰ নিতুল হাজৰিকা আৰু চিকনি বৰহোলৰ ছহিদুল ইছলাম ওৰফে ছহিদ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত চোৰাংচিকাৰী দুজন শেষতীয়াভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত গঁড় হত্যাৰ লগত জড়িত আছিল। উল্লেখ্য যে, ইয়াৰে ধৃত ছহিদুল দীৰ্ঘদিন ধৰি চোৰাংচিকাৰৰ লগত জড়িত আছিল। ইতিপূৰ্বে তেওঁ গড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ জামিনত মুক্তি লাভ কৰে। মুক্তি লাভ কৰাৰ কিছুদিন পিছতেই ছহিদুল পুনৰ গড় হত্যাৰ লগত জড়িত হৈ পৰে। ইপিনে ধৃত নিতুল হাজৰিকা বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত জড়িত থকাৰ কথা আৰক্ষী সূত্ৰত প্ৰকাশ। নিতুল হাজৰিকা কলিয়াৰৰ আদালতত তৰনি হিচাপে কৰ্মৰত। আদালতৰ এজন তৰনি গড় হত্যাৰ লগত জড়িত থকাৰ ঘটনাই সচেতন মহলক স্তম্ভিত কৰি তুলিছে।

ধৃত চোৰাংচিকাৰী দুজনৰ লগত আন্তঃৰাজ্যিক চোৰাং চিকাৰীৰ লগত সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আনহাতে নগাঁও আৰক্ষীয়ে দুদিনৰ পূৰ্বে নগাঁও জিলাৰ আঞ্জুকপানীৰ পৰা লুইচ লাকড়া, ছেদেনুজ কুজুৰ, বলৰাম লুহাৰ নামৰ তিনিজন চোৰাংচিকাৰীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে তিনিদিনৰ জিম্মাত লৈ চোৰাংচিকাৰী কেইজনক জেৰা কৰি আছে। এই চোৰাংচিকাৰী দলটোৰ মুল নায়ক চিমল লাকড়া বৰ্তমানেও পলাতক অৱস্থাত আছে।

 

Related Articles

Leave a Reply

Close