অসম

দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত বৃক্ষৰূপণ কাৰ্যসূচী

প্ৰথম খবৰ, দলগাঁও: দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কালি ইত্তেহাদ ফ্ৰণ্টৰ উদ্দ্যোগত বহু কেইটা মূল্যবান গছৰ পুলি ৰূপণ কৰা হয়।

জানিব পৰা মতে, সংগঠনটোৰ  দলগাঁও আঞ্চলিক সমিতিৰ উদ্দ্যোগত আয়োজন কৰা এক  সভাত সভাপতিত্ব কৰে সংগঠনটোৰ দলগাঁও আঞ্চলিক সমিতিৰ সভাপতি ছফিকুল ইছলামে।

উক্ত বৃক্ষ ৰূপণ কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে সংগঠনটোৰ ৰাজ্যিক সভাপতি ছাহাব উদ্দিন ,সাধাৰণ সম্পাদক নুৰ ইছলাম,দৰং জিলা সমিতিৰ সভাপতি আব্দুল জলিল, বেছিমাৰী আঞ্চলিক সমিতিৰ সভাপতি জিয়াৰুল ইছলাম উপস্থিত থাকে।

সভাত ভাষণ সন্দৰ্ভত ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামে কয় যে আমি  মাত্ৰ পৰিৱেশ দিৱসৰ দিনাই গছ পুলি ৰূপণ কৰি দায়িত্ব সামৰিলে নহ’ব। আমি প্ৰয়োজন সাপেক্ষে বছৰৰ অইন দিনাও গছৰ পুলি ৰুই পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব লাগিব।

উক্ত কাৰ্যসূচীত ৰাজ্যিক সভাপতি ছাহাব উদ্দিন,দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুলেন কলিতা আৰু উপাধক্ষ গাজিউৰ  ৰহমানে কাৰ্যসূচীৰ লগত সংগতি ৰাখি মূল্যবান ভাষণ আগবঢ়ায়।

Related Articles

Leave a Reply

Close