অসম

নগৰবেৰাত এন আৰ চি সন্দৰ্ভত সজাগতা সভা

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: ৰাজ্যজুৰি এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে নগৰবেৰা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমুহত বিগত তিনি চাৰি দিনৰ পৰা কিছুমান উৰাবাতৰিক লৈ এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজৰ মাজত সৃষ্টি হোৱা আতংকময় পৰিস্থিতি দূৰকাৰৰ উদ্দেশ্যে আজি এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ আহ্বানত দিনৰ ১২ বজাত নগৰবেৰাস্থ ছমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়।

কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত দৰোথী ছুচিৱাং ৰ উপস্থিতিত অনুষ্ঠিত সভাত অঞ্চলটোৰ সচেতন ৰাইজক এন আৰ চি ক লৈ সৃষ্টি হোৱা বিভিন্ন উৰাবাতৰি আৰু যিবোৰ কথা লৈ আতংকৰ সৃষ্টি হৈছে। সেই বিষয়ে তন্ন তন্ন কৈ বিষদভাৱে প্ৰতিটো কথাই বুজাই দিয়ে।

সভাত কামৰূপ জিলা মহকুমাধিপতি লক্ষীনন্দন চহৰীয়াই ভাষন প্ৰসংগত উৰাবাতৰিক লৈ ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে এন আৰ চি ক লৈ কোনেও চিন্তিত হোৱাৰ প্ৰয়োজন নাই বা শংকিত হ’ব নালাগে কিয়নো এজনো প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ নপৰিব বুলি আশ্বাস প্ৰদান কৰে।

সভাত ৰাইজৰ ফালৰ পৰা উত্থাপন কৰা প্ৰতিটো প্ৰশ্নক আদৰনি জনাই প্ৰতিটো প্ৰশ্নৰ উত্তৰ যুক্তিৰ আধাৰত অতি সহজ আৰু সৰলভাৱে ৰাইজে বুজি পোৱাকৈ বুজাই দিয়ে লক্ষীনন্দন চহৰীয়া, অতিৰিক্ত উপায়ুক্ত দৰোথি ছুচিৱাং আৰু নগৰবেৰা ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি বৰুৱাই। সভাত নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনস্থ নগৰবেৰা, টুপামাৰী, জামলাই, কল্যাণপুৰ আদি অঞ্চলৰ সচেতন লোক সকল উপস্থিত থকাৰ লগতে Dps আদিতা দাস, Cps সুৰোজিত শইকীয়াকে আদি কৰি NRC ৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close