অসম

নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ বিমুদ্ৰাকৰণৰ বিৰুদ্ধে  বিজেপি ৰাইজক সু – শাসন দিব পৰা নাইঃ দিগন্ত বৰ্মন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰী চহৰত কেন্দ্ৰীয় চৰকাৰে কৰা বিমুদ্ৰাকৰণৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডীৰ হায় হায়, কেন্দ্ৰ -ৰাজ্যৰ বিজেপি চৰকাৰ হায় হায়, বিমুদ্ৰাকৰণে দেশৰ জনসাধাৰণক মাধমাৰ সোধালে, পুঁজিপতিৰ পুতলা বিজেপি চৰকাৰ মুৰ্দাবাদ ,জনবিৰোধী বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে চহৰ খন উত্তাল কৰি তোলে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, মুখপাত্ৰ দিব্যজ্যোতি হালৈ, কংগ্ৰেছ নেতা বসন্ত দাস, জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী পাপৰি মালাকৰ, যুৱ কংগ্ৰেছৰ সভাপতি মজিবুৰ ৰহমান, আদিৰ নেতৃত্বত উক্ত প্ৰতিবাদী সমদল উলিওৱা হয়। কাৰ্যসূচীত যুৱ নেতা মজিব আলী, উদ্দীপন পাটোৱাৰী, বিৰাজ দাস সহ কেইবাশতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে, উক্ত প্ৰতিবাদত আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা -আজৰা লাগে । পিছত আৰক্ষী লাঠি চালনা কৰাত মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, মুখপাত্ৰ দিব্যজ্যোতি হালৈ সহ কেইবাজনৰো জখম হয়। এনে কাৰ্যক প্ৰতিবাদকাৰী সকলে এয়া সৰ্বানন্দ সোনোৱাল চৰকাৰৰ আৰক্ষী বাহিনীয়ে গনতন্ত্ৰ হত্যা কৰা বুলি প্ৰকাশ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে কয় যে – নৰেন্দ্ৰ মোডীয়ে ধনীক শ্ৰেণীৰ স্বাৰ্থত কাম কৰি আছে । বৰ্তমানে বিমুদ্ৰাকৰণৰ ফলত দেশৰ সাধাৰণ জনতাই হাবু ডুবু খাব লগা হৈছে। কেন্দ্ৰ -ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বিমুদ্ৰাকৰণৰ ফলত ৰাইজৰ যি ক্ষতি হল তাক সকাহ দিব পৰা নাই । বিজেপিয়ে এতিয়া একো একো খন আঁচনি ঘোষনা কৰি ৰাইজক আভুৱাঁভাৰিব ধৰিছে পঞ্চায়ত তথা লোকসভা নিৰ্বাচন অহা দেখি। ইতিমধ্যে দেশৰ ৰাইজে বিজেপিৰ চৰিত্ৰ বুজি উঠিছে। বিমুদ্ৰাকৰণৰ ফলত দেশত অত্যাধিক মূল্য বৃদ্ধি হৈছে। প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। এনেদৰে ৰাইজক বিজেপি পৰিৱৰ্তনৰ চমক দিছে বুলিও দোহাৰে কংগ্ৰেছ নেতা দিগন্ত বৰ্মনে।

Related Articles

Leave a Reply

Close