অসম

নলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল দুই ব্যৱসায়িক প্ৰতিষ্ঠান 

প্ৰথম খবৰ, নলবাৰী: নলবাৰী চহৰত আজি ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিত জাহ যায় উপহাৰ আৰু শুৱালকুছি চিল্ক হাউচ নামৰ দুখনকৈ দোকান। কৌটি টকাৰ সা সম্পত্তি ভষ্মিভূত হয় জুইত।বৈদ্যুতিক চৰ্টচাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত নিৰ্বপিত হয় জুই। প্ৰতিষ্ঠান দুখনৰ ভিতৰত থকা দুটাকৈ চিলিণ্ডাৰ বিষ্ফোৰণৰ ফলতে মুহূৰ্তত জুই চানি দৰে নলবাৰী হাতখোলাৰ সমীপৰ দুই প্ৰতিষ্ঠানত। স্থানীয় ৰাইজৰ সহযোগত নলবাৰী, টিহু, ৰঙিয়া, বাইহাটাৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱায়। নিশ্চিতভাৱে বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে চহৰখন। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিৰ সহযোগত ৰক্ষা পৰে চহৰখন।

Related Articles

Leave a Reply

Close