অসম

নলবাৰীৰ কামাৰকুছিত কংগ্ৰেছৰ বিশাল সভা, বিজেপি ফাঁকি আৰু বাকীত চলে -বিৰোধী দলপতি দেৱব্ৰত শইকীয়া 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: বিগত সময়চোৱাত কংগ্ৰেছে অসমত ৰূপায়ন কৰা কাম কাজত কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলক’বিশেষ মৰ্যদা পূৰ্ণ ৰাজ্য ‘হিচাপে স্বীকৃতি দিয়াৰ বাবেই বিশেষ সহায় কৰি আহিছিল । কিন্তু ২০১৪ চনত দিল্লীত বিজেপি চৰকাৰ আহিয়েই আমাৰ উক্ত বিশেষ মৰ্যদা কাটি দিলে। এই বিষয়ে বিধানসভাত বহু বাক বিতণ্ডা হ’ল। এই অভিযোগ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ কামাৰকুছিত অনুষ্ঠিত হোৱা এখন কংগ্ৰেছৰ দলীয় সভাত উপস্থিত থাকি বিৰোধী দলপতি শইকীয়াই পুনৰ কয় -বিষয়টোত বৰ্তমানৰ বিত্ত মন্ত্ৰী গৰাকীয়ে কলে যে আমাক বিশেষ মৰ্যদা নহয়, ‘স্পেচিয়েল ট্ৰিটমেণ্ট ‘কৰিব । স্পেচিয়েল ট্ৰিটমেণ্ট কৰিলে আমাৰ আগতকৈ ভাল হ’ব। কিন্তু বিগত দুবছৰত কেনেকুৱা অৱস্থা হৈছে ৰাইজে উপলব্ধি কৰিছে । ভাষন প্ৰসংগত বিৰোধী দলপতি শইকীয়াই গড়কাপ্তানী মন্ত্ৰীৰ প্ৰসংগ তানি আনি কয় যে -বিগত দুটা বছৰত বানত ক্ষতিগ্ৰস্ত সকলৰ বাবে ৮৭১ কৌটি প্ৰয়োজন যদিও মাত্ৰ ১১ কৌটি হে টকা পোৱা বুলি বিধানসভাত গড়কাপ্তানী মন্ত্ৰী জনে তথ্য দাঙি ধৰাটো উদাহৰণ স্বৰূপে ৰাইজৰ আগত দাঙি ধৰে বিৰোধী দলপতি গৰাকীয়ে।

নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে কয় যে – নগা সমস্যা, বান সমস্যা, নদীবান্ধ, জি এছ টিৰ ফলত সৰ্বসাধাৰণৰ অৱস্হা সন্দৰ্ভত বিশদ বৰ্ণনা দাঙি ধৰে। পাঁচ শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, বিধায়ক কমলাক্ষ দে, ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা, দুলু আহমেদ, এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি জ্যোতি বিকাশ চাংমাই ,কংগ্ৰেছ নেত্ৰী স্বপ্না বেজবৰুৱা, নলবাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, মুখপাত্ৰ দিব্যজ্যোতি হালৈ আদি উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ দলৰ কৰ্মী সকলক সাজু হবলৈ আহ্বান জনায়। সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদে ভাষন প্ৰসংগত বিজেপি বেপাৰীৰ দল। গৰীবৰ কথা চিন্তা নকৰে আৰু অগপ অস্তিত্ব ৰক্ষাৰ যুঁজত লাগি আছে বুলি দোহাৰে।

Related Articles

Leave a Reply

Close