অসম

নলবাৰীৰ নিজ পকোৱা-বৰআজাৰা সংলগ্ন দলং বিধ্বস্ত

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত তথা ধৰ্মপুৰ আৰু নলবাৰী সমষ্টিৰ সংলগ্ন নিজ পকোৱা -বৰআজাৰা পথত থকা নিজপকোৱাস্থিত
গড়কাপ্তানী বিভাগৰ দলং খন বিধ্বস্ত হৈ পৰিছে। অতি ব্যস্ততা পূৰ্ণ পথটোৰে কেইবাখনোমহাবিদ্যালয়,
বিদ্যালয়,চৰকাৰী কৰ্মচাৰী তথা সৰ্বসাধাৰণ ৰাইজে অহা-যোৱা কৰে। দীৰ্ঘদিন ধৰি ৰাইজে উক্ত দলং খনৰ বাবে যাতায়াতৰ সমস্যাত ভুগি আহিছে যদিও চৰকাৰ, গড়কাপ্তানী বিভাগ, প্ৰশাসনৰ কাণসাৰ নোহোৱাৰ ৰাজহুৱা অভিযোগ উঠিছে।

বিগত সময়ত উক্ত ব্যস্ত পথটোৰ দলংখন পুনৰ নিৰ্মান কৰাৰ বাবে স্থানীয় ৰাইজে পূৰ্বৰ বহু বিতৰ্কিত আঢ়ৈ টকীয়া কৃষি মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক নীলমণি সেন ডেকা, বিভাগ কিম্বা জিলা প্ৰশাসনক আবেদন-নিবেদন কৰিও সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত যোৱা বিধানসভা নিৰ্বাচনত ধৰ্মপুৰৰ ৰাইজে পৰিবৰ্তন বিচাৰি কংগ্ৰেছ তথা নীলমণি সেন ডেকাক বিদায় দি বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল।

বৰ্তমান পাটোৱাৰী ৰাজ্যৰ উদ্যোগ, বাণিজ্যক, পৰিবহন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লৈছে। বিগত ষোল্ল মাহে উল্লিখিত দলং খন পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে পাটোৱাৰীক কেইবাবাৰো আবেদন তথা মৌখিকভাৱেও জনাই আহিছে যদিও আজিলৈ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ধৰ্মপুৰৰ সচেতন ৰাইজে অভিযোগ কৰা মতে চন্দ্ৰমোহন পাটোৱাৰী মাথো এম জি এনৰেগাৰ পথ কেইটাত নাম ফলক লগাই উন্নয়ন বিকাশৰ ৰৌ জাল -বৌ জাল কৰিছে।

ইয়াৰ বাহিৰে পাটোৱাৰীয়ে সমষ্টিটোত কোনো বিশেষ কাম কৰিব পৰা নাই বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু এনেদৰে থাকিলে ধৰ্মপুৰত আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মূল শাসকীয় বিজেপি দলে মুখ থেকেচা খাব লাগিব বুলিও ৰাইজৰ মাজত চৰ্চা হৈছে।

Related Articles

Leave a Reply

Close