অসম

নাগা ফ্ৰেমৱৰ্ক চুক্তিয়ে জ্বলাইছে ৰাজ্য, এইবাৰ আটচাৰ তীব্র প্ৰতিবাদ তিতাবৰত

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: নগা ফ্ৰেমৱৰ্ক চুক্তিয়ে জ্বলাইছে ৰাজ্য। নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন ৰ লগত কেন্দ্ৰীয় চৰকাৰখনে কৰা ফ্ৰেমৱৰ্ক চুক্তিক লৈ এতিয়া সীমান্তই সীমান্তই উঠিছে প্ৰতিবাদৰ ঢৌ। সীমান্তত উদ্বিগ্ন জনতা, অন্তহীন উৎকণ্ঠা। তেনে এক সময়তে জাতি মাটি আৰু ভেঁটিৰ কথা কোৱা বিজেপি চৰকাৰে লৈছে ৰহস্যজনক স্থিতি। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ধাৰাবাহিক আন্দোলন প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে ৰাজ্যৰ সীমান্তবৰ্তি অঞ্চলসমূহ।

এইবাৰ তিতাবৰত চাহ জনজাতি ছাত্ৰ সন্থাই নগৰ খনৰ মাজমজিয়াত কৰিলে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কেন্দ্ৰীয় সম্পাদক পৱন বেদিয়া, সহকাৰী সম্পাদক ধীৰাজ গোৱালাৰ নেতৃত্বত গ্ৰহন কৰা কাৰ্যসূচীৰ পৰা দাবী উঠিল শীঘ্ৰে নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ। অন্যথা কঠোৰ কাৰ্যসূচীৰ হুংকাৰ দিছে সংগঠনটোৱে।

Related Articles

Leave a Reply

Close