অসম

নাগৰিকপঞ্জী উন্নীতকৰণত সহযোগীতাৰ আহ্বান কলিয়াবৰ মহকুমা প্ৰশাসনৰ

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত যিকোনো উৰাবাতৰি আৰু অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনায়।

মহকুমাধিপতিয়ে ৰাইজক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ সময়ত শান্তিপূৰ্ণভাৱে সহযোগীতা কৰিবলৈ আহ্বান জনায়। কোনো নাগৰিকৰ নাম এন আৰ চিৰ খচৰা তালিকাৰ পৰা বাদ পৰিলে বা আসোঁৱাহ থাকিলে সেইসমূহ সংশোধনৰ বাবে এমাহ সময় থাকিব। উক্ত সভাত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগতে বিশিষ্ট নাগৰিক সকল সভাত উপস্থিত থাকে।

সকলোৱে একেমুখে মন্তব্য কৰে যে, কলিয়াবৰৰ ৰাইজে অতীজৰে পৰা শান্তি সম্প্ৰীতিৰ এক নিদৰ্শন দাঙি ধৰি আহিছে। সেয়ে নাগৰিক পঞ্জী উন্নীত কৰণৰ ক্ষেত্ৰত কলিয়াবৰৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে মহকুমা প্ৰশাসনক সহযোগীতা আগবঢ়াব বুলি মন্তব্য কৰে। কালি অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিও উপস্থিত থাকে।

 

Related Articles

Leave a Reply

Close