অসম

নাজিৰাত স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: অসমৰ হিংসপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সোঁৱৰণীৰ সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি অহা আন্তঃজিলা আছু স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন এই বছৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাজিৰা মহকুমা ছাত্ৰ সন্থা, নাজিৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ সহযোগত নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা, গড়গাঁও, মাউৎগাঁও, টেঙাপুখুৰী আৰু বেতবাৰী খেলপথাৰত সমভাৱে অহা ১৫,১৬,১৭ আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ ব্যাপক আয়োজন কৰিছে।

উল্লেখযোগ্য যে, অসমত ফুটবল খেলৰ প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰতি আছুৱে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে আৰু গ্ৰামাঞ্চলত থকা প্ৰতিভাৱান খেলুৱৈক সকলক উৎসাহ দি আহিছে। সেয়েহে অসমৰ আটাইতকৈ শক্তিশালী ছাত্ৰ সংগঠনটোৱে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ পূণ্যধৰ গগৈক সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাক কাৰ্যকৰী সভাপতি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মানিক গগৈক সম্পাদক হিচাবে লৈ এখন শক্তিশালী সমিতি গঠন কৰি নাজিৰাৱাসীৰ পৰা সহায় সহযোগিতা কামনা কৰিছে ফুটবল প্ৰতিযোগিতা খন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে।

Related Articles

Leave a Reply

Close