অসম

নাজিৰা মহকুমাৰ মেকিপুৰ চাহ বাগিচাত আইন সজাগতা সভা 

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত দৈনিক বৃদ্ধি পাব ধৰিছে বিভিন্ন আইনজনিত ঘটনা এই বিষয় তথা সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্য নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ উদ্যোগত নাজিৰা উকীল সন্থাৰ সদস্যসকলে নাজিৰা মহকুমাৰ মেকিপুৰ চাহ বাগিচা কতৃপক্ষৰ সহযোগত স্থানীয় ৰাইজৰ মাজত বিনামূলীয়া আইনী সেৱা দাৰিদ্ৰসীমাৰেখা অন্তৰ্ভুক্ত ৰাইজে কেনেদৰে পাব পাৰি তাৰ বিষয়ে এখনি সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাৰ লগত সংগতি ৰাখি পৰিৱেশ স্বচ্চতাৰ ওপৰতো বিভিন্ন বক্তব্য ৰখা হয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। সভাপতিত্ব কৰে চকীমুখ উ:মা: বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মবিদুল ইচলামে। জিলা আইন সেৱা প্ৰাধিকাৰী, শিৱসাগৰৰ সৌজন্যত আজি নাজিৰা আৰক্ষী থানা অন্তৰ্গত উক্ত সভাত উপস্থিত থাকে নাজিৰা মহকুমা  ন্যায়িক দণ্ডাধীশ  নাগিৱ আহমেদ ,প্ৰথম শ্ৰেণীৰ বিচাৰপতি চাবিনা ইয়াচমিন, নাজিৰা মহকুমা আৰক্ষী বিষয়া আনন্দ টকবী,জেষ্ঠ অধিবক্তা গোবিন প্ৰসাদ ৰাম, ললিত বৰুৱা,অচ্যুত কোঁৱৰকে ধৰি কেইবাজনো অধিবক্তাই বক্তব্য আগবঢ়ায়।

সভাখন আঁত ধৰে অধিবক্তা পংকজ মহন্তই। বিভিন্ন আইনৰ ওপৰত চাহ জনগোষ্ঠীয় লোক সকলৰ মাজত সজাগতা সভাত আলোচনা হয়। লগতে নাজিৰা উকীল সন্থাৰ কেইবাজনো সদস্য আৰু মহকুমা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সহায় -সহযোগিতাত কাৰ্যসূচীৰ সফল ৰূপায়ণ হয়।

Related Articles

Leave a Reply

Close