অসমশীৰ্ষ

নুমলীগড়ৰ পৰা বোৱাৰী সন্ধানহীন

প্ৰথম খবৰ, খুমটাই: গোলাঘাট  জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত নুমলীগড় আৰক্ষী চকীৰ এলেকাৰ বৰচাপৰি গাওঁ নিবাসী কেশৱ ৰাজবংশীৰ কন্যা তুলুমনি ৰাজবংশী বৰা (২২ ) যোৱা ১৪ নৱেম্বৰ পুৱা প্ৰায় ৩ বজাৰ পৰা পিতৃ বাসগৃহৰ পৰা নিৰুদ্দেশ হৈছে ।
উল্লেখ যে বিয়াৰ পিছৰ পৰাই স্বামী ধ্ৰুৱজ্যোতি বৰা ৰ সৈতে বৰচাপৰি গাওঁৰ পিতৃগৃহতে বসবাস কৰিছিল তুলুমণিয়ে ।
পিতৃ কেশৱ ৰাজবংশীয়ে ইতিমধ্যে জীয়ৰী তুলুমণি ৰাজবংশী বৰা সন্ধানহীন সম্পৰ্কে স্থানীয় নুমলীগড়ৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।
কোনো ব্যক্তিয়ে যদি বোৱাৰী গৰাকীৰ সন্ধান পায় ৯১৩২৮৫৩৫৯৯ / ৯০৮৫৩৩০৫২৫ নম্বৰত যোগাযোগ কৰিবলৈ পিতৃয়ে অনুৰোধ জনাইছে ।

Related Articles

Leave a Reply

Close