অসম

নোনাইপাৰা চাহ বাগিচাত শিশু দিৱস পালন

ভূটান সীমান্তৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, প্ৰথম খবৰ: সমগ্ৰ দেশৰ লগতে আজি ওদালগুৰি জিলাৰ নোনাই পাৰা চাহ বাগিচাতো দিনজোৰা কাৰ্যসূচীৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ২২৮ সংখ্যক জন্ম দিৱস (শিশু দিৱস)পালন কৰা হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নোনাইপাৰাৰ উদ্যোগত অনুষ্ঠিত এই শিশু দিৱসত নহৰুজীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, বৃক্ষৰোপন, শিশুৰ অধিকাৰৰ ওপৰত সজাগতা সভা, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত ওদালগুৰি জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, লিপিকা বৰ্মন , পানেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চোহৰাব আলী, আছা নেতা ৰবীন গোৱালা প্ৰমুখ্যো কেইবা শতাধিক লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close