অসম

পুৰণিগুদামত চোৰক উত্তম-মধ্যম

বঢ়মপুৰৰ পৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদামত ছাগলী চুৰিক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চলচলী দিশৰ পৰা এখন টেম্পুত চাৰিটা চুৰি ছাগলী লৈ গড়মূৰ দিশে আহি থকা অৱস্থাত পোটনী হালোৱাগাঁৱৰ হাফিজুৰ ৰহমান আৰু মাজিদুুৰ ৰহমান নামৰ ছাগলী চোৰ দুটাক স্থানীয় ৰাইজে পুৰণিগুদাম পথাৰআগ চাৰিআলিত কৰায়ত্ব কৰি উত্তম-মধ্যম দিয়ে।

পাছত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হোৱাত চোৰ দুটাক আটক কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, স্থানীয় ৰাইজে চুৰি কাৰ্যত ব্যৱহাৰ এ- এচ-০২-ই-৫১১১ নম্বৰৰ টেম্পুখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে।

Related Articles

Leave a Reply

Close