অসম
বকুলত সুধাকণ্ঠ দিৱস আয়োজন

প্ৰথম খবৰ, টেঙাখাত: লাহোৱাল প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আঠাবাৰী প্ৰাথমিক বিদ্যালয় ৰ উদ্যোগত আৰু জাপিসজীয়া প্ৰাথমিক বিদ্যালয়ৰ সহযোগত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা ৫ বজাত প্ৰভাত ফেৰী, ৬ বজাত সামূহিক চাফাই অভিযান, ৭ বজাত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধা তৰ্পণ; আৰু পুৱা ৯-৩০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰীড়া আৰু সাংস্কূতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
সন্ধিয়া বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰযসূচীৰ সামৰণু হ’ব। অনুষ্ঠানত উদ্যোক্তা সমিতিৰ হৈ ৰাইজৰ উপস্থিতি আৰু সক্ৰিয় সহযোগিতা কামনা কৰিছে আঠাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ দাসে।