অসম

বিমল বৰপাত্ৰ গোহাঁইলৈ ২০১৭ বৰ্ষৰ চ্যুকাফা বঁটা

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: প্ৰবীণ বুৰঞ্জীবিদ, টাই পণ্ডিত শিমলুগুৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক বিমল বৰপাত্ৰ গোহাঁইক তেখেতৰ জনগোষ্ঠীটোৰ প্ৰতি আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান জনাই জীৱন জোৰা সাধনাৰ বাবে এই বৰ্ষৰ চ্যুকাফা বঁটা প্ৰদান কৰিব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। চৰকাৰৰ ফালৰপৰা আজি ফোন যোগে এই কথা তেখেতক অৱগত কৰাৰ লগতে অহা ১ ডিচেম্বৰত ডিব্ৰুগড়ত চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

শিৱসাগৰৰ শিমলুগুৰি ৰামুগাঁৱৰ নিবাসী বিমল বৰপাত্ৰ গোহাঞিলৈ এই সন্মান আগবঢ়োৱাৰ বাবে অসম চৰকাৰলৈ আটাছু শিৱসাগৰ জিলা সম্পাদক মানস সন্দিকৈয়ে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰাপক গৰাকীলৈও শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close