অসম

বিশ্বনাথত মাছৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: অসমৰ ৰাইজৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিষ্ঠা হোৱা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিশ্বনাথ চাৰিআলিৰ গলিয়াত মাছৰ বিশ্বনাথ সদৰ শাখা সমিতিৰ উদ্যোগত দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাছৰ বিশ্বনাথ সদৰ শাখাৰ সভাপতি উত্তম দত্তই সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়।

ৰূপা বৰা হাজৰিকাৰ বৰগীত পৰিৱেশনৰে আৰম্ভ হোৱা মুকলি সভাত বিশ্বনাথৰ সমাজসেৱক অকণ শইকীয়া, অভিনেতা চিত্ত শইকীয়া, প্ৰাক্তন আৰক্ষী বিষয়া গিৰিশ বৰা, বিশিষ্ট শিক্ষক বংশী বৰা, কবি ধ্ৰুৱজ্যোতি দাস, চিকিৎসক ড° অমল শইকীয়া, শিক্ষক লীলা উপাধ্যায়, জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা আৰু শিক্ষক সোনটি ৰাজকুমাৰক সম্বৰ্ধনা জনোৱা হয়। সভাত মাছৰ বিশ্বনাথ সদৰ শাখাৰ কাৰ্যকৰী সভাপতি অৰুণ ৰায় চৌধুৰী, সম্পাদক দিলীপ পৌৰেল, সাংগঠনিক সম্পাদক অজিত শইকীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

 

Related Articles

Leave a Reply

Close