অসম

বিশ্বনাথৰ যুৱক- যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ, শিশু দিৱস উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা, প্ৰথম খবৰ: পণ্ডিত জৱাহৰলাল নেহৰুৰ ১২৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশ্বনাথ চাৰিআলিৰ সচেতন যুৱক শিৱম সাগৰ কাশ্যপ, সৌৰভজ্যোতি বৰা, দাদুল দাস, দর্শনা বৰা, জয়ন্ত দাস, মৃণাল শইকীয়া, নিকু বৰা, ভাস্কৰ জ্যোতি দাস, প্ৰবীণ ওজা, সুদীপ চক্ৰৱৰ্তী, সুদীপ কৰ আৰু কল্লোল ভূঞাই বিশ্বনাথ চাৰিআলিৰ কেইবাটাও অংগনবাড়ী কেন্দ্র আৰু বিশ্বনাথ চাৰিআলি বালিপুখুৰীস্থিত বিকলাংগ ছাত্ৰ-ছাত্ৰীৰ বিশেষ বিদ্যালয়ত খাদ্য সামগ্ৰী বিতৰণ কৰে।

উল্লেখযোগ্য যে এই যুৱক-যুৱতী কেইগৰাকীয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে নিজৰ সাঁচতীয়া ধন খৰছ কৰি বিগত চাৰি বছৰ ধৰি এনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। বৰ্তমান সময়ত যুৱ উচ্ছৃংখলতাৰ বাতৰিয়ে শিৰোনামা দখল কৰি অহাৰ লগতে এচাম নৱপ্ৰজন্ম বিভিন্ন নিচাযুক্ত বস্তু সেৱন কৰি নিজে বিপথে পৰিচালিত হোৱাৰ উপৰিও অসামাজিক কামত লিপ্ত হৈ সমাজত অশান্তি সৃষ্টি কৰাৰ লগতে নিজকে অন্ধকাৰলৈ ঠেলি লৈ গৈছে সেই সময়ত এই যুৱক-যুৱতী কেইগৰাকীৰ এনে পদক্ষেপক সচেতন ৰাইজে বিপুল আদৰণি জনাইছে।

Related Articles

Leave a Reply

Close