অসম

বিহালীত বন্যহস্তীৰ তাণ্ডৱ:নিহত এজন

বিহালীৰ পৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ: নিশা প্ৰায় ১২ বজাত বিহালীত বন্যহস্তীৰ আক্ৰমণৰ বলি হয় এজন লোক ৷ নিহত লোকজন বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলী গাঁৱৰ গকুল দাস(৪৫)বুলি জানিব পৰা গৈছে ৷

বিহালীত দৈনিক বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস৷ ৰাইজৰ অভিযোগ বন্যহস্তীৰ সন্ত্ৰাস ৰোধত চূড়ান্ত ব্যৰ্থ ৰাজ্যৰ বিয়াগোম বন বিভাগ৷ জনসাধাৰণৰ জীৱন সম্পতি ক্ৰমান্বয়ে ধ্বংস হৈ অহাৰ সময়তো কানসাৰ নাই বন বিভাগৰ৷ বনবিভাগে জনগণৰ কৃষি পথাৰ ৰক্ষা দূৰৈৰে কথা মানৱ জীৱনো ৰক্ষাত চূড়ান্ত ব্যৰ্থ হৈছে বনবিভাগ ৷ কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগৰ বিষয়া কৰ্মচাৰী৷ ক্ষোভিত ৰাইজৰ চৰকাৰলৈ প্ৰশ্ন  আৰু কিমান মানুহৰ মৃত্যু হ’লে বন্যহস্তীৰ সন্ত্ৰাস দমনৰ বাবে গ্ৰহণ কৰিব পদক্ষেপ,নে এনেদৰে মানুহৰ অপমৃত্যু হ’বলৈ দি ৰং চাই হাত সাৱতি থাকিব বিয়াগোম বন বিভাগ তথা ৰাজ্য চৰকাৰে ।

Related Articles

Leave a Reply

Close