অসমশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ব্ৰহ্মপুত্ৰৰপৰা সুৰংগ নিৰ্মাণৰ পৰিকল্পনা অস্বীকাৰ চীনৰ

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: ব্ৰহ্মপুত্ৰৰপৰা সুৰংগ নিৰ্মাণৰ কোনো পৰিকল্পনা নাই চীনৰ। পূৰ্বতে, ব্ৰহ্মপুত্ৰ তথা অৰুণাচলৰ চিয়াং নদীৰ ওপৰত চীনে ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণ কৰি তাৰদ্বাৰা উৎপাদিত পানী চীনৰ কৃষিভূমিলৈ নিব বুলি এটা বাতৰি ওলাইছিল। কিন্তু সেই বাতৰিৰ সত্যাসত্য প্ৰমাণ কৰি চীনৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ হুৱা চুয়িঙে বাতৰিটোৰ কোনো সত্যতা নাই বুলি উল্লেখ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সমান্তৰালকৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে বাতৰিটো। এতিয়া সময়েহে ক’ব চীনৰ এই ঘোষণাৰ সত্যতা কিমান নে ইয়াতো লুকাই আছে আন এক গভীৰ ষড়যন্ত্ৰ। যি সত্য হ’লে হয়তো আগন্তুক সময়ত গভীৰ বিপদৰ সন্মুখীন হ’ব অসম তথা অৰুণাচল প্ৰদেশ।

Related Articles

Leave a Reply

Close