অসম

‘বৰদোৱা থানৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থক কেন্দ্ৰ কৰি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া অব্যাহত

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: বটদ্ৰৱা থানৰ অতীত আৰু বৰ্তমানক সামৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° ভূপেন ৰায়চৌধুৰীৰ দ্ধাৰা ৰচিত ‘বৰদোৱা থানৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থখনি যোৱা ২৭ অক্টোবৰত উন্মোচন কৰাৰ পূৰ্বে নিজে অধ্যয়ন কৰা নাছিল বুলি জনাইছে বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে।

আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰে সত্ৰাধিকাৰগৰাকীয়ে। বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দৰে পাণ্ডিত্য থকা ব্যক্তিগৰাকীয়ে প্ৰণয়ন কৰা গ্ৰন্থত নিৰাধাৰ আৰু ভূল তথ্য সন্নিৱিষ্ট হোৱাত তেওঁ উদ্বেগ প্ৰকাশ কৰে। বটদ্ৰৱাৰ গৰিমাময় ঐতিহ্য বিকৃত ৰূপত প্ৰকাশ নকৰিবলৈ লেখকগৰাকীক আহ্বান জনাইছে সত্ৰাধিকাৰগৰাকীয়ে।

 

Related Articles

Leave a Reply

Close