অসম

বৰপেটাত আৰক্ষীৰ উদ্যোগত সজাগতা সভা, উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান 

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: এন আৰ চিক লৈ ৰাজ্যৰ চুকে কোনে বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ মাজত বাক-বিতণ্ডতা চলি থকাৰ সময়তে বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ব্যপক সজাগতা সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। বৰপেটা জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ নেতৃত্বতত জিলাখনৰ আৰক্ষী থানাৰ লগতে আৰক্ষী চকী এলেকাতো এন আৰ চি সন্দৰ্ভত ৰাইজক সজাক কৰাৰ বাবে এনে পণ্হা গ্ৰহন কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কলগাছিয়া, সৰভোগ, বালিকুৰি, বৰভিটা, মইনবৰী, মন্দিয়া, বৰপেটা ৰোড, হাউলী, বৰপেটা, ভৱানীপুৰ, কয়াকুছি, বাঘবৰ, আলোপতিচৰ, বহৰি, চেঙা, সৰুক্ষেত্ৰী, কাছুকাটি আদি থানা এলেকাত এনে সজাগতা সভাৰ জৰিয়তে শুদ্ধ এন আৰ চি প্ৰস্তত কৰণৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে এন আৰ চিক লৈ সংকিত নহ’বলৈ আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে।

ইফালে এন আৰ চিৰ নামত জিলা খনৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা যি কোনো লোকক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দি কোনো উৰা বাতৰি বিশ্বাস নকৰিবলৈ জিলাবাসীক আহ্বান জনাইছে । এন আৰ চি প্ৰস্তুত কৰণৰ বিষয়টো যিহেতু সম্পূৰ্ণৰূপে ছুপ্ৰিম কোৰ্টৰ অধীনত কাম-কাজ চলি আছে এই ক্ষেত্ৰত কোনো খেলি মেলি হোৱাৰ যুক্তি থাকিব নোৱাৰে বুলি সদৰি কৰিছে আৰক্ষী প্ৰশাসনে। যি সময়ত এচাম লোকে এন আৰ চিক লৈ ৰাজনৈতিক মোনাফা লোটাৰ চেষ্টাৰে ৰাইজক বিপথে পৰিচালনা কৰা দেখা গৈছে ঠিক সেই সময়তে বৰপেটা জিলা আৰক্ষীৰ এনে পদক্ষেপক সচেতন মহলে আদৰণি জনাইছে।

 

Related Articles

Leave a Reply

Close