অসম

বৰপেটা জিলা ভিত্তিত বৰপেটাৰোড প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্রেছ দিৱস পালনৰ প্ৰস্তুতি

প্ৰথম খবৰ, বৰপেটাৰোড:,প্রেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অহ্বান মর্মে সমগ্র দেশতে ১৬ নৱেম্বৰৰ দিনটো সংবাদকর্মীসকলে ৰাষ্ট্ৰীয় প্রেছ দিৱস পালন কৰি আহিছে। বৰপেটা জিলা প্রশাসনেও জিলা খনৰ স্থানীয় সংবাদকর্মীৰ সৈতে প্রতিবছৰে এই দিৱস পালন কৰি আহিছে। এইবেলি বৰপেটাৰোড প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বৰপেটাৰোড প্ৰেছ ক্লাব আৰু বৰপেটা জিলা প্রশাসনে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আচামৰ বৰপেটা জিলা সমিতিৰ সহযোগত ৰাষ্ট্রীয় প্রেছ দিৱস বৰপেটাৰোড প্রেছ ক্লাবত পালন কৰিব।

সেইদিনাখন পুৱা ৯-৩০ বজাত ভেইৰু কুমাৰ শৰ্মাই পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। ৯.৪৫ বজাত স্মৃতি তৰ্পণ কৰিব সুনীল দাস আৰু মহম্মদ শিকদাৰে । ১০.৩০ বজাত ” সংবাদ মাধ্যমে সন্মুখীন হোৱা সমস্যা ” শীৰ্ষক এখনি আলোচনা চক্ৰ উদ্বোধন কৰিব অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। আলোচনা চক্ৰখনিত আলোচক হিচাবে থাকিব প্রশান্ত ৰাজগুৰু, সম্পাদক, আমাৰ অসম আৰু প্রশান্তজ্যোতি বৰুৱা, কার্যবাহী সম্পাদক, আচাম ট্রিবিউন, জিলা তথ্য আৰু জন সম্পৰ্কৰক্ষী বিষয়া ত্রিদিব নন্দন বৰাই আদৰণি ভাষণ দিব লগা আলোচনা চক্ৰখনিত মুখ্য অতিথি হিচাবে থাকিব বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ।

অনুষ্ঠানত বৰপেটা জিলাৰ তিনি গৰাকী জ্যেষ্ঠ সাংবাদিক বিনয় কুমাৰ দাস, তৰুণ গোস্বামী আৰু ব্ৰজগোপাল দাসক সম্বর্ধনা জনোৱা হ’ব। দুপৰীয়া ১.৩০ বজাত বিশিষ্ট লেখক তথা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সৈতে অনুষ্ঠিত হ’ব এক অন্তৰংগ আলাপ। সন্ধিয়া ৫ বজাত ৰূপনজিৎ দাসে বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ সামৰণি মাৰিব।

Related Articles

Leave a Reply

Close