Uncategorizedঅসম

মানাহৰ সংৰক্ষণৰ ওপৰত সাংবাদিক সকলৰ বাবে দুদিনীয়া কৰ্মশালা, তিনি জিলাৰ সাংবাদিকসকলৰ অংশগ্ৰহণ

প্ৰথম খবৰ, বৰপেটাৰোড: প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ওপৰত সাংবাদিক সকলৰ বাবে এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়। ভূটানৰ সীমামূৰীয়া মথনগুৰীৰ বন বিভাগৰ বাংলোত অনুষ্ঠিত এই কৰ্মশালখনি আয়োজন কৰে মানাহ ৰাষ্ট্রীয় উদ্যান কৰ্তৃপক্ষ, আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফয়ে। যোৱা ২২ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত এই কৰ্মশালাখনিত বৰপেটা, বাক্সা আৰু চিৰাং জিলাৰ ১৭ জন সাংবাদিকে অংশগ্ৰহণ কৰে।

মানাহ ব্যঘ্ৰ প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই কৰ্মশালাখনি উদ্বোধন কৰি কৰ্মশালাখনিৰ জৰিয়তে মানাহক বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে আৰু অধিক জানিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আৰণ্যকৰ উপ প্ৰকল্প প্ৰৱন্ধক সুদীপ কান্ত বশিষ্ঠই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মানাহ ব্যঘ্ৰ প্ৰকল্পৰ প্ৰকল্প উপ- সঞ্চালক এন কে মালাকৰে তেওঁৰ চমু বক্তব্যত মানাহৰ সংৰক্ষণৰ ক্ষেত্রত সংবাদ জগতৰ সহযোগিতা কামনা কৰে। কৰ্মশালাখনিত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰেলৰ সহযোগী সঞ্চালক তথা প্ৰাক্তন সাংবাদিক প্ৰৱাল কুমাৰ দাসে প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত সংবাদ জগতে লব পৰা ভূমিকাৰ ওপৰত বক্তব্য আগবঢ়ায়।

মানাহ ভূখণ্ডৰ প্ৰশাসক ডঃ বিভূতি প্ৰসাদ লহকৰে মানাহৰ ঐতিহ্য, সংৰক্ষণৰ প্ৰয়োজনীয়তা, পৰ্যটনৰ সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় কুমাৰ দাসে পৰিবেশ সংৰক্ষণ , বন্য প্ৰাণী আইন, তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত খৰছি মাৰি আলোচনা কৰে। ডব্লিউ ডব্লিউ এফৰ ডব্লিউ এফৰ জ্যেষ্ঠ প্ৰকল্প বিষয়া ডঃ দেৱ কুমাৰ দত্তই মানাহৰ পৰিবেশ, ইয়াৰ প্ৰাকৃতিক বিশালতা আৰু ঐতিহ্যৰ ওপৰত বক্তব্য আগবঢ়ায় । এইক্ষেত্ৰত সংবাদ জগতে লব পৰা বিভিন্ন পদক্ষেপৰ কথা তেওঁ উল্লেখ কৰে।
দ্বিতীয় দিনা কাহিলী পুৱাতে মানাহৰ গভীৰ অৰণ্যৰ ভিতৰৰ অৱস্থিত ভালেকেইটা নিৰীক্ষণ চকীলৈ সাংবাদিক সকলক ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে লৈ যোৱা হয়। দুপৰীয়াৰ ভাগত অনুষ্ঠিত এক অন্তৰংগ আলাপ অনুষ্ঠানত সাংবাদিক সকলৰ লগতে সমল ব্যক্তি তথা আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফৰ কৰ্মকৰ্তা সকলে মিলিত হয় । এইক্ষেত্ৰত মানাহৰ বিভিন্ন সমস্যা , পৰ্যটনৰ সম্ভাৱনীয়তা, সংবাদ জগতৰ ভূমিকা আদিৰ ওপৰত আলোচনা কৰি আটায়ে মানাহৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

Related Articles

Leave a Reply

Close