বিনোদনশীৰ্ষ

মেৰিকমৰ পিছত বলিউডলৈ এইবাৰ শ্বিলং চেম্বাৰ কয়ৰ

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: বলিউডত এইবাৰ চলচ্চিত্ৰ ৰূপত প্ৰতিষ্ঠিত হ’ব শ্বিলং চেম্বাৰ কয়ৰ। মেৰিকমৰ পিছত শ্বিলঙৰ পটভূমিত নিৰ্মিত এই ছবিখনক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে চলচ্চিত্ৰপ্ৰেমীসকল।

শ্বিলং চেম্বাৰ কয়ৰ ২০০১ চনত স্থাপিত শ্বিলঙৰ এটা বেণ্ড যিয়ে ইতিমধ্যে তেওঁলোকৰ দক্ষতাৰ ভিত্তিত ২০১০ চনত কালাৰ্ছৰ ‘ইণ্ডিয়াজ গট টেলেণ্ট’ৰ দ্বিতীয় চিজনত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। পুৰস্কাৰ বিজয়ী ৰাষ্ট্ৰীয় চলচ্চিত্র নিৰ্মাতা ৰাজেশ মপুস্কাৰে উক্ত ছবিখন নিৰ্মাণ কৰিবলগীয়া উক্ত ছবিখন পৰিচালনা কৰিব আশুতোষ গোৱাৰিকৰে।

শ্বিলং চেম্বাৰ কয়ৰৰ সুদীৰ্ঘ যাত্ৰাক লৈ নিৰ্মিত হ’ব এই ছবিখন। চলচ্চিত্র নিৰ্মাতা মপুস্কাৰে শ্বিলঙৰ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এনেদৰে কয়, “মই মুম্বাইৰ মাতুঙ্গাত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত এই বেণ্ডটোৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি আপ্লুত হৈছিলো আৰু তাৰ পিছতেই মই তেওঁলোকৰ বিষয়ে চলচ্চিত্র নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লো”।

উত্তৰ-পূৱৰ চলচ্চিত্রপ্ৰেমী সকলৰ বাবে নিশ্চয়কৈ এয়া এক সুখবৰ বুলি ক’ব লাগিব। চলচ্চিত্রখনৰ নাম আৰু অভিনেতা-অভিনেত্ৰী তালিকা বৰ্তমানৰলৈকে চূড়ান্ত কৰা হোৱা নাই।

Related Articles

Leave a Reply

Close