অসম

মৰাণত ড° ভূপেন হাজৰিকা আৱক্ষ মুৰ্তি উন্মোচন

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণ বামুনবাৰীত সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৱক্ষ প্ৰতিমুৰ্তি উন্মোচন কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ লেঙেৰী বামুনবাৰী ৰাইজৰ সহযোগত মৰাণৰ সমীপৰ বামুনবাৰী তিনিআলিত উৎপল উদ্যোনত বিশ্ব বৰণ্য সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিকী মৃত্যু তিথি উপলক্ষে নিৰ্মাণ কৰি উলিওৱা ড° হাজৰিকাৰ আৱক্ষ প্ৰতিমুৰ্তি মঙ্গলবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

আছুৰ সম্পাদক গৰাকীয়ে সুধাকন্ঠ আৱক্ষ মুৰ্তি উন্মোচন কৰি কয়- বিশ্ব নমস্য ব্যক্তি গৰাকীৰ সাহিত্য, সাংস্কৃতিৰ সৃষ্টিৰাজি সংৰক্ষন কৰাৰ লগতে প্ৰাথমিক পৰ্য্যায়ৰ পৰা বিশ্ব বিদ্যালয়ৰ পয্যায়লৈ চৰকাৰে বাৰ্ধ্যকতামূলক পাঠ্যক্ৰমত অৰ্ন্তভুক্ত কৰিবলৈ চৰকাৰক দাবী জনায়। লগতে বিশ্ব বৰণ্য ব্যক্তি গৰাকীক মৰণোত্তভাৱে ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰিবলৈও চৰকাৰক দাৱী তোলে।তাৰোপৰি ড° হাজৰিকাৰ শিল্পী জীৱনৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱা কল্পনা লাজমীৰ স্বাস্থ্য সেঁৱা চৰকাৰক বহন কৰিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close