অসমশীৰ্ষ

যোৰহাটত ভুৱা প্ৰমাণ পত্ৰৰে কৰ্মৰত জল সম্পদৰ উপ অভিযন্তা গ্ৰেপ্তাৰ, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অভিযুক্তৰ আত্মীয়ৰ আক্ৰমণ

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ঋষিৰ ঘৰত পোহা ভটৌয়ে ভাল কথা শিকা আৰু দৈস্যু ঘৰত পোহা ভাটোৱে বেয়া কথা শিকা, সাধুটো যেন আখৰে আখৰে প্ৰমাণিত হ’ল যোৰহাটত। প্ৰৱঞ্চক পিতৃক ৰক্ষণাবেক্ষন দিবলৈ গৈ কণ্যা আৰু আত্মীয়ই যোৰহাটৰ কেইজনমান সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে কেমেৰা পৰ্য্যন্ত ভঙাৰ কাৰ্যই এতিয়া সমগ্ৰ জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা নিশা যোৰহাট আৰক্ষীয়ে নীলকান্ত দাস নামৰ উপ অভিযন্তাগৰাকীক ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি কৰি অহাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল যোৰহাট জানখনাৰ নিজ বাসগৃহৰ পৰা।

উল্লেখযোগ্য যে, নীলকান্ত দাসে ১৯৭৮ চনত জল সম্পদ বিভাগত ব’ট মেন ৰূপে যোগদান কৰিছিল আৰু বৰ্তমান উপ অভিযন্তা ৰূপে কৰ্মৰত আছিল। নীলকান্ত দাসৰ শৈক্ষিক প্ৰমাণ পত্ৰক লৈ সন্ধিহান হৈ জনৈক দাস নামৰ এজন ব্যক্তিয়ে আৰ টি আই কৰে আৰু তেওঁৰ মেট্ৰিকৰ প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰমাণিত হয়। ব্যক্তিজনে দাসৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু যোৰহাট আৰক্ষীয়ে তদন্তৰ পিছত ১৩৯১ কেচ নম্বৰত এটা গোচৰ ৰুজু কৰি ৪১৯, ৪২০ ধাৰাত যোৱা নিশা উপ আভিযন্তাগৰাকীক গ্ৰেপ্তাৰ কৰে।

ইফালে উপ অভিযন্তাগৰাকীয়ে ১৯৭৫ চনত ২১১০ ৰোল নম্বৰত মেট্ৰিক পাছ কৰাৰ প্ৰমাণ দাখিল কৰে যদিও পিছত সেইয়া ভুৱা বুলি প্ৰমাণিত হয়। যোৱা নিশা গ্ৰেপ্তাৰ হোৱা জল সম্পদ বিভাগৰ উপ অভিযন্তাগৰাকীক আজি যোৰহাট চিকিৎস্যা মহাবিদ্যালয়লৈ আৰক্ষীয়ে শৰীৰ পৰীক্ষা কৰোৱাবলৈ অনাৰ খবৰ পাই চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয়গৈ এটা সাংবাদিকৰ দল। সাংবাদিকসকলে অভিযুক্ত নীলকান্ত দাসৰ ফটো সংগ্ৰহ কৰিবলৈ লওঁতেই ক্ষুব্ধ হৈ পৰে দাসৰ জীয়েক জোঁৱায়েকৰ লগতে আত্মীয় সকল আৰু সাংবাদিকৰ দলটোৰ ওপৰত আক্ৰমণ চলায়। ফলত চিটি চেনেলৰ মস্কোৰ হাজৰীকা, জে টিভিৰ আৰু প্ৰাগৰ তপন মিশ্ৰ, জে টি ভিৰ লক্ষীন্দ্ৰ শৰ্মাক শাৰীৰিক ভাবে অপদস্থ কৰি কেমেৰা ভাঙি দিয়াৰ লগতে ডি ৱাই ৩৬৫ৰ ৰিচু সিঙৰো কেমেৰা ভাঙে।

আনহাতে চিটি চেনেলৰ মহিলা সাংবাদিক যুতিকা মহন্তও আঘাট প্ৰাপ্ত হয়। সাংবাদিক কেইজনে ইতিমধ্য নীলকান্ত দাসৰ আত্মীয় কেইজনৰ বিৰুদ্ধে এজাহাৰ দখিল কৰিছে যদিও অাৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই।

Related Articles

Leave a Reply

Close