অসম

লংকাৰ ইউ বি আই বেংকত বেংক কৰ্মচাৰীৰ দাদাগিৰী

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: ৰাইজৰ স্বাৰ্থত নিয়োজিত হৈ থকা এজন বেংক কৰ্মচাৰীৰ কৰ্মকাণ্ডত আজি উত্তপ্ত হৈ পৰিল লংকাৰ ইউ বি আই বেংক। এগৰাকী বয়সস্থ বেংক গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰি ক্ষান্ত নাথাকি তথা কথিত বেংক কৰ্মচাৰীয়ে লক্ষ্য কৰি ল’লে বাতৰি সংগ্ৰহৰ বাবে যোৱা গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিককো

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা লগতে সাংবাদিকৰ কেমেৰা ভঙাৰ হুমকি দিলে চানি কায়ানা নামৰ বেংক কৰ্মচাৰীয়ে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, এগৰাকী বয়সস্থ মহিলা বুধবাৰে আহিছিল লংকাৰ ইউ বি আই বেংকলৈ। বেংকৰ এ টি এম সেৱা সক্ৰিয় কৰিবলৈ সহায় বিচাৰিছিল চানি কায়না নামৰ বেংক কৰ্মচাৰীজনৰপৰা। তাৰ পিছতেই আৰম্ভ হ’ল বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ।

মহিলা গৰাকীৰ কাম কৰি নিদিয়াৰ কথা স্পষ্ট কৰি দিলে বেংক কৰ্মচাৰীজনে। উক্ত ঘটনাৰ সন্দৰ্ভত খবৰ লাভ কৰি বেংকত উপস্থিত হ’ল সাংবাদিকৰ এটা দল আৰু এই বিষয়ে সাংবাদিকে বেংক কৰ্মচাৰী চানি কায়ানক প্ৰশ্ন কৰাত খঙত অগ্নিশৰ্মা হৈ বেংক কৰ্মচাৰীয়ে ধৰিলে ৰুদ্ৰ মুৰ্তি। লক্ষ্য কৰি ল’লে সাংবাদিকক।

ভদ্ৰতাৰ সীমা চেৰাই যোৱা বেংক কৰ্মচাৰীজনে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে কেমেৰা ভঙাৰ ভাবুকি প্ৰদান কৰে। ইয়াৰ পিছতেই বেংকটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও এইজন বেংক কৰ্মচাৰীয়ে বেংক গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰা নানা অভিযোগ উত্থাপিত হৈ আহিছিল।
এতিয়া প্ৰশ্ন হয়, গ্ৰাহকৰ লগতে সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিবলৈ নেৰা এইজন বেংক কৰ্মচাৰীৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই কি বিহিত ব্যবস্থা ল’ব সেয়াহে হ’ব লক্ষণীয়। ইফালে,সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাক লৈ লংকা প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল সংগঠনে এই কাণ্ডক তীব্ৰ গৰিহণা জনায়।

Related Articles

Leave a Reply

Close