অসম

লংকাৰ বামুনগাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: শনিবাৰে নিশা লংকাৰ বামুনগাঁৱত বন্যহস্তীৰ এটা বৃহত জাকে সন্ত্ৰাস চলায়। খাদ্যৰ সন্ধানত লামডিং বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা প্ৰায় ৪০/৫০ টা হাতীৰ জাকে নিশা বামুনগাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়।

বন্য হস্তীয়ে অঞ্চলটোত প্ৰৱেশ কৰি কেবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে বহু বিঘা ধান খেতি খায় বিস্তৰ ক্ষতি সাধন কৰে। পিছত বন বিভাগ তথা প্ৰশাসনৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়। বন্য হস্তীৰ সন্ত্ৰাসত নিশা অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে উজাগৰী নিশা কটাব লগীয়া হয়।

Related Articles

Leave a Reply

Close