অসম

লণ্ডনবাসীৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমৰ যুৱক

ধেমাজিৰপৰা বিজন শৰ্মা, প্ৰথম খবৰ: ধেমাজিৰ পৰা গৈ লণ্ডনত প্ৰদূষন নিয়ন্ত্ৰণৰ ব্যতিক্ৰমী পদক্ষেপৰে বিপুল সমাদৰ লাভ কৰি লণ্ডনবাসীৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈ BBC ৰ দৰে আন্তঃৰাষ্ট্ৰীয় নিউজ প্ৰতিষ্ঠানৰ দ্বাৰা নিজৰ কৰ্মৰাজীৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰা এজন অসমীয়া যুৱকৰ কাহিনী৷ সাহস, মেধা আৰু উদ্যমতাৰ সমাহাৰৰে এজন যুৱকে লাভ কৰা প্ৰতিষ্ঠাৰ প্ৰেৰণাদায়ক কাহিনী।

ধেমাজিৰ এজন মধ্যবিত্ত অধিবক্তাৰ পুত্ৰই নিজৰ অধ্যব্যৱসায় আৰু যুঁজাৰু মনোবৃত্তিয়ে লুইতৰ পাৰৰ এখন অনুন্নত অঞ্চলৰ পৰা গৈ টেমছ নৈৰ পাৰত নিজৰ দক্ষতাৰে ব্যতিক্ৰমী উদ্ভাৱনেৰে লণ্ডনবাসীৰ দৃষ্টি আৰ্কষণ কৰাৰ কাৰ্যত আনন্দৰ বন্যা বৈছে ধেমাজিৰ নিজ গৃহত৷

ধেমাজিৰ অধিবক্তা ফটিক বৰুৱাৰ পুত্ৰ ধ্ৰুৱজ্যোতি বৰুৱাই লণ্ডনৰ টেমছ নদীক প্ৰদূষিত কৰা প্লাষ্টিক সামগ্ৰী নিষ্কাষনৰ বাবে নিজে উদ্ভাৱন কৰি লোৱা ফ্লৰ্টিং বাইচাইকেলৰ দ্বাৰা কৰি থকা কাৰ্যত আৰ্কষিত হৈ BBC য়ে প্ৰস্তুত কৰিছে তথ্যচিত্ৰ ৷ ইয়াৰ উপৰিও London Live নামৰ চেনেলতো উচ্চ প্ৰশংসাৰে বাতৰি পৰিবেশিত হৈছে অসম সন্তান ধ্ৰুৱজ্যোতি বৰুৱাৰ কৰ্মৰাজী৷

টেমছ নদী প্ৰদূষন মুক্ত কৰাৰ বাবে ধ্ৰুৱজ্যোতি বৰুৱাই কৰি অহা ব্যতিক্ৰমী কাৰ্যক আদৰনী জনাই লণ্ডনৰ যুৱক সকলৰ বাবে এয়া অনুকৰনীয় কাম বুলি চৰ্চা চলিছে লণ্ডনবাসীৰ মাজত।
শৈশৱৰে পৰা মেধা আৰু সততে উদ্ভাৱনী চিন্তাচৰ্চাৰ প্ৰতি আকৰ্ষিত পুত্ৰৰ এই সফলতাত গৌৰৱ অনুভৱ কৰিছে পিতৃ ফটিক চন্দ্ৰ বৰুৱাই ৷

অহা বছৰটোত ধ্ৰুৱজ্যোতি বৰুৱাই প্ৰদূষন নিয়ন্ত্ৰৰ বাবে লণ্ডনৰ বিভিন্ন স্থানত কেম্পেইন চলাব ৷ লণ্ডন চহৰখন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে আহ্বান জনাই ধ্ৰুৱজ্যোতি বৰুৱাই চলাব এই কেম্পেইন।

Related Articles

Leave a Reply

Close