অসম

লাওখোৱা অভয়াৰণ্যত ডিএফঅ’ৰ পৃষ্ঠপোষকতাত চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান

প্ৰথম খবৰ, ৰূপহীহাটঃ নগাঁওৰ বন্যপ্ৰাণী সংমণ্ডৰ বিষয়া জীতেন্দ্ৰ কুমাৰৰ নেতৃত্বত চোৰাং চিকাৰী আৰু মাছমৰীয়াৰ বিৰুদ্বে ক্ৰমাৎ অভিযান তীব্ৰ কৰি তোলাৰ পৰিণতিতে যোৱা নিশা লাওখোৱা বন্যপ্ৰণী অভয়াৰণ্যৰ অধীনস্থ সুতিৰপাৰ বীট অফিচৰ এলেকাধীন মলামাৰী বিলত অভিযান চলাই চোৰাং মাছমৰীয়াক উৎখাত কৰাৰ লগতে মাছমৰা কাৰ্যত ব্যৱহাৰ কৰা দুখনকৈ নাও,মছুৰি জাল আৰু ছখনকৈ নাও নষ্ট কৰিবলৈ বন বিভাগে সক্ষম হয়।

জানিব পৰা মতে, ডিএফঅ’ জীতেন্দ্ৰ কুমাৰৰ পৃষ্ঠপোষকতাত বনপালক উৎপল কুমাৰ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি বনবিভাগৰ এটা দল মলামাৰী বিলৰ পাৰত নিশাৰ ভাগত উপস্থিত হোৱাত বিলখনৰ অবৈধভাৱে মাছমাৰী থকা চোৰাং মাছমৰীয়াৰ দলটোৱে আক্ৰমনৰ ভাবে উদ্বত হোৱাত বনবিভাগৰ দলটোৱে শূণ্যলৈ গুলিকৰাত চোৰাং মাছমৰীয়াৰ দলটোৱে ছত্ৰভংগ দি নিশাৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও বনৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা মাছ মৰা কায্যত ব্যৱহাৰ কৰা দুখনকৈ নাও, জাল আদি জব্দ কৰাৰ লগতে ছখনকৈ নাও নষ্ট কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, এসময়ত ডাঠ হাবি জংঘলেৰে ভৰপূৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰী, চোৰাং মাছমৰীয়া, চোৰাং গছকটাৰ দৌৰাত্মৰ বাবেই অভয়াৰণ্যখন টকলাত পৰিণত হৈছিল কিন্তু নগাঁও বন্যপ্ৰাণী সংমণ্ডৰ বিষয়া জীতেন্দ্ৰ কুমাৰে যোগদান কৰাৰ পৰা অভয়াৰণ্যখনত চোৰাং চিকাৰী, মাছমৰীয়া, গছকটাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাত অভয়াৰণ্য খনে পুনৰ প্ৰাণ পাই উঠিব ধৰিছে। জিলা বন বিষয়া জীতেন্দ্ৰ কুমাৰৰ এনে প্ৰচেষ্টাক প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজেও একেমুখে শলাগ লৈছে ৷

Related Articles

Leave a Reply

Close