অসম

লাচিত দিৱসৰ দিনাই শিৱসাগৰ নগৰত প্ৰতিবাদী সমদল লাচিত সেনাৰ

প্ৰথম খবৰ, শিৱসাগৰ : কেন্দ্ৰীয় চৰকাৰে অতি সংগোপনে কৰা নগাচুক্তি ৰাজহুৱা কৰাৰ লগতে সময়মতে এন আৰ চি প্ৰকাশ আৰু অবৈধ বিদেশী নাগৰিকক অসমৰ পৰা বাহিৰ কৰাৰ দাবীৰে উলিওৱা প্ৰতিবাদী সমদলে শিৱসাগৰ নগৰৰ মাজমজিয়া উত্তাল কৰি তুলে । আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই , হোৱা যদি খিলঞ্জীয়া এই সংগ্ৰামত যোগ দিয়া , নহয় যদি খিলঞ্জীয়া অসম এৰি গুচি যোৱা, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি শ্লগানেৰে উত্তাল পৰিবেশে কপাই তোলে শিৱসাগৰৰ নগৰৰ আকাশ বতাহ । আনহাতে শিৱসাগৰ ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শিৱসাগৰ কেন্দ্ৰীয় লাচিত উদ্যানত ছাত্ৰ- ছাত্ৰীৰ মাজত সাহিত্য প্ৰতিযোগিতাৰ লগতে গীত মাতেৰে এক গাম্ভীয্যপুৰ্ণ অনুষ্ঠানেৰে বীৰজনক সোঁৱৰে। অনুষ্ঠানত শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত অভিজিৎ বৰুৱা , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া শেৱালী বৰদলৈ , শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড সৌমাৰজ্যোতি মহন্ত , শিৱসাগৰ পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহ , বিশিষ্ট সাহিত্যিক সোণাৰাম বৰুৱা , সমাজকৰ্মী উমেশ গগৈ , ধৰ্ম বৰুৱা আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মুক্তিনাথ চাৰিআলিৰ লাচিত উদ্যানত লাচিত দিৱসটি উদযাপন কৰে । উক্ত অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা অশ্বীনি চেতিয়াই বীৰ লাচিত বৰফুকনে নিজৰ বীৰত্বৰে জাতিৰ পৰিচয় বিশ্বত খোদিত  কৰি যোৱাৰ পাছত সেই জাতিক পুণৰবাৰ পৰিচয়ৰ প্ৰয়োজন নাই বুলি কোৱাৰ লগতে অসমৰ জাতীয় অস্তিত্বৰ ক্ষেত্রত হেঙাৰ ৰূপে থিয় হোৱা প্ৰতিটো পক্ষকে তীব্ৰ ভাৱে সকীয়া দিয়ে । শৰীৰত এক বিন্দু তেজ থকালৈকে অসমৰ মাটি আৰু অসমীয়া জাতিৰ হকে যুঁজ কৰাৰ সংকল্প গ্ৰহণ কৰে লাচিত দিৱসত ।

Related Articles

Leave a Reply

Close