অসম

শিশুদিৱসৰ দিনা নগাঁৱত ইমন কলাকেন্দ্ৰৰ নিবেদন ‘বৃদ্ধাশ্ৰম’

প্ৰথম খবৰ, জাজৰি: দেউতাকৰ অবিহনে মাকৰ পৰিচৰ্য্যাত ডাঙৰ হয় জীৱন। ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰি চাকৰি পোৱাৰ কিছুদিন পাছত বিয়া আৰু লাহে লাহে মাকক গা এৰা দিয়ে। অৱশেষত  বৃদ্ধ কালৰ প্ৰিয় আলয় বৃদ্ধাশ্ৰমত মাকৰ অন্তিম শয়ন। শিশু শিল্পীৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ বিপুল সহাৰি লাভ কৰে এখনি নাটকে।

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী তথা শিশু দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ শেনচোৱাত অৱস্থিত সন্দিপনী বিদ্যামন্দিৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে নৃত্য,গীতৰ লগতে মঞ্চস্থ কৰা হয় ‘বৃদ্ধাশ্ৰম’ শীৰ্ষক নাটক খনিৰ। পৰিচালক দক্ষিণপাট নিবাসী পাৰ্থপ্ৰতিম দাস তথা প্ৰযোজক ইমন কলাকেন্দ্ৰৰ স্বত্বাধিকাৰী শেনচোৱা নিবাসী অমিয়া মহন্ত। শিশুৰ আভিনয় আৰু পৰিচালকৰ সৃষ্টিক বাৰুকৈয়ে শলাগিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষ্মীনাৰায়ণ ৰিজাল লগতে উপস্থিত অতিথি, শিক্ষক মণ্ডলীয়ে।

Related Articles

Leave a Reply

Close