অসম

শিৱসাগৰৰ কালুগাঁও গায়ন গাঁৱৰ নামাচায্য দূৰ্ল্লভ কলিতাৰ মৃত্যু 

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাৰ কালুগাৱ গায়ন গাঁৱৰ নিবাসী অঞ্চলটোৰ নামাচায্য দূৰ্ল্লভ কলিতা (৮৬) আৰু নাই। কলিতা বাধক্যজনিত মৃত্যুত কেৱল গায়ন গাঁৱৰ বাবে নহয় সমগ্ৰ কালুগাঁও অঞ্চলৰ বাবেই এজন নামাচায্যৰ অভাৱ তথা আধ্যাত্মীক দিশত আগভাগ লোৱা এজনক হেৰুৱাই অঞ্চলটোৰ বাৰুকৈয়ে ক্ষতি হোৱা অনুভৱ কৰি অঞ্চবাসী শোক প্ৰকাশ কৰিছে।

তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোৰ অসংখ্য গুণমুগ্ধই কলিতাৰ গৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধা জনোৱাৰ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে । তেওঁ মৃত্যুৰ সময়ত তিনিজন পুত্ৰ দুগৰাকী জীৰ লগতে কেইবাটিওঁ নাতি – নাতিনী ইহসংসাৰত এৰি যায়। স্কুল কলেজীয়া আনুষ্ঠানিক শিক্ষা বিশেষ নাচিল যদিওঁ ঘোষা , ৰ্কীতন, ভাগৱতৰ আদি আখৈ ফুটিছিল কলিতাৰ মুখত। তেওঁ এজন অ’ এন জি চি ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী আছিল।

Related Articles

Leave a Reply

Close