অসম

শিৱসাগৰৰ চালকক অপহৰণ কৰি নি নগাঁৱত হত্যা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ পৰা অতি কৌশলেৰে শিৱসাগৰৰ কোঁৱৰপুৰ যোগনিয়া গাঁৱৰ গোপাল দাস নামৰ শিৱসাগৰ দৰ্বাৰ ৰোডস্থিত নিতু গগৈৰ গাড়ী চালকক এটা দুষ্ট চক্ৰই অপহৰণ কৰিছিল যোৱা কালি সন্ধ্যা প্ৰায় ৬ – ৩০ বজাত। ৰাতি ৯ বজাৰ পাছত চালকসহ গাড়ী ঘৰলৈ নহাত গাড়ীৰ মালিকে খবৰ কৰাত চালক গোপালৰ সম্ভেদ নাপাই গাড়ীৰ মালিকে শিৱসাগৰ সদৰ থানাত গোছৰ দিয়াত শিৱসাগৰ আৰক্ষীৰ তৎপৰতাত নগাঁৱৰ আৰক্ষীৰ সহযোগত ঘটনা পোহৰলৈ আহে । আৰু গোপোলৰ মৃতদেহ নগাঁৱৰ ৰাইদঙীয়াৰ পথৰ কাষৰ পৰা উদ্ধাৰ হয়। পৰিয়ালৰ লোকে মৃতদেহ চিনাক্ত কৰিছে।

Related Articles

Leave a Reply

Close