অসম

শিৱসাগৰ যুৱদলৰ উদ্যোগত চিৰিপুৰীয়াত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ সম্পন্ন

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ অন্যতম পিছপৰা অঞ্চল চিৰিপুৰীয়া নকটানিৰ চিৰিপুৰীয়া মধ্য ইংৰাজী বিদ্যালয়ত আজি দিনজোৰাকৈ শিৱসাগৰ যুৱদলৰ উদ্যোগত তথা আটাছুৰ হাড়মতিগড় আঞ্চলিক সমিতিৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হৈ যায় । চিকিৎসা সেৱাৰ প্ৰাকক্ষণত স্থানীয় ৰাইজৰ উপস্থিতত চিনাকি পৰ্ব আৰু এখনি স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। স্বাস্থ্য সেৱা শিবিৰৰ উদ্যোক্তাৰ হৈ যুৱদলৰ সমাজ সেৱা বিভাগৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিমান শেনচোৱা বৰুৱাই আতধৰা অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰীয়ে স্বাস্থ্য সজাগতাৰ ওপৰত আলোকপাত কৰে।

স্বাস্থ্য সঞ্চালক গৰাকীয়ে সৰ্বভাৰতীয় পৰ্যায়ত উজনি অসমৰ মহিলা সকলৰ হিমগ্লবিনৰ পৰিমাণ আটাইতকৈ কম বুলি উল্লেখ কৰাৰ লগতে এনে কাৰণতে উজনিত প্ৰতি এক লক্ষ্য শিশুৰ জন্মৰ বিপৰীতে প্ৰায় তিনিশ গৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ বুলি মন্তব্য প্ৰকাশ কৰে। সেয়ে এনেধৰণৰ স্বাস্থ্য শিবিৰৰ আন এজন জ্যেষ্ঠ শৈল্য চিকিৎসক উদয়াদিত্য ৰাজকোৱঁৰেও সভাত বক্তব্য ৰাখি সুস্বাস্থ্যৰ বাবে পৰিৱেশ নিকা কৰণৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য প্ৰকাশ কৰে৷ সেয়ে এই বিষয়ত শিবিৰত উপস্থিত ৰাইজক সজাগ হোৱাৰ আহ্বান জনোৱাৰ লগতে যক্ষ্মা ৰোগৰ কাৰণ আৰু নিৰাময়ৰ বিষয়েও চিকিৎসক গৰাকীয়ে ৰাইজৰ আগত সবিশেষ ব্যাখ্যা ডাঙি ধৰে।

এই সভাতেই বিমান শেনচোৱা বৰুৱাই যুৱদলৰ তৰফৰ পৰা আটাছুৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজৰ লগতে চিৰিপুৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষক পূৰ্ণানন্দ দত্ত আৰু সমূহ বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে বিশেষ ধন্যবাদ জ্ঞাপন কৰে। স্বাস্থ্য সেৱা শিবিৰটোত জ্যেষ্ঠ চিকিৎসক স্বৰূপ বৰুৱা ঙ, স্ত্ৰী ৰোগ বিশেষজ্ঞ কুশল ডেকা, শিশু চিকিৎসা বিশেষজ্ঞ পৱন বৰুৱা, দন্ত্য চিকিৎসক জাহ্নৱী দিহিঙ্গীয়া, চকু বিশেষজ্ঞ উমা কোৱঁৰ, অপৰ্থমলিচ টুটু মণি বৰুৱা, বিতুমনি গগৈয়ে প্ৰায় তিনি শতাধিক ব্যক্তিক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়া ঔষধ যোগান ধৰে। আনহাতে অ’ এন জি চিৰ চিকিৎসক ডা° বিকাশ মহালকাৰ আৰু ডা° য়াজিং ছাৰে ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱা শিবিৰত স্বাস্থ্য সহায়ক, লেৱটেৰী সহায়ক আৰু ফাৰ্মাচিষ্ট ক্ৰমে সংগীতা গগৈ, অনুজ নেওগ, সঞ্জীৱ দাস, আব্দুল জেলিল আৰু মণি বেগমে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই।

শিৱিৰত যুৱদলৰ হৈ উপস্থিত থাকে প্ৰধান উদ্যোক্তা দেৱজ্যোতি গগৈ, প্ৰদীপ বৰা, প্ৰাক্তন সভাপতি কাৰ্তিক দত্ত , অমল দত্ত , ৰতন শইকীয়া , পঞ্চানন বৰঠাকুৰ, অনিল দত্ত, সুৰেন দত্ত, নৃপেন গোঁহাই, শিক্ষাবিদ বীৰেন বৰুৱা, ৰজনী চাংকাকতি, ৰূপা দত্ত , কল্যাণী বৰুৱা, বিনোদ গগৈ, অৰ্ণৱ চাংমাইৰ লগতে আছুৰ ঋষিকেশ গগৈ, প্ৰসন্ন গগৈ, হেমন্ত বৰা, বিশ্বজিত গোঁহাই প্ৰমূখ্যে স্থানীয় আন কেইবাগৰাকী গণ্য মান্য ব্যক্তি সকল।

Related Articles

Leave a Reply

Close